Dailyhunt
কেৱল পেট পূজাতেই নহয়, সৌন্দৰ্যচৰ্চাতো ব্যৱহাৰ কৰক ভাত

কেৱল পেট পূজাতেই নহয়, সৌন্দৰ্যচৰ্চাতো ব্যৱহাৰ কৰক ভাত

ডিজিটেল ডেস্ক: উজ্জ্বল, ডাঠ তথা দীঘল ধুনীয়া চুলি সকলোৱে কাম্য। বিশেষকৈ মহিলাসকলৰ। চুলিখিনি আকৰ্ষণীয় কৰি ৰাখিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী তেল-ছেম্পু-মাস্ক আদি ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।এইসমূহত থকা ৰাসায়নিক পদাৰ্থবোৰে চুলি ভাল কৰাৰ পৰিৱৰ্তে বেয়াহে কৰে।সেয়েহে চুলিৰ যত্নত সদায় ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। আপুনি জানি আচৰিত হ'ব যে চুলিখিনি ধুনীয়া কৰাত ভাতেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।হয়, ভাতৰ সৈতে বিভিন্ন উপাদান মিহলাই কিদৰে চুলিত প্ৰয়োগ কৰিব পাৰি, আজি জানো আহক-

আপুনি চুলিৰ যত্নত ভাতৰ সৈতে মেথি গুটি, বীট আৰু এল'ভেৰা মিহলাই হেয়াৰ মাস্ক তৈয়াৰ কৰিব পাৰে।মেথি গুটি চুলিৰ ঔষধ। মেথি গুটি প্ৰয়োগৰ ফলত চুলিৰ বিকাশ বৃদ্ধি আৰু উফি হ্ৰাস হয়।

আনহাতে, বীটৰ ৰসে চুলিক পুষ্টি দিয়াৰ লগতে এক বিলাসী ৰঙো দিয়ে। এল’ভেৰাত থকা পুষ্টিয়ে চুলি হাইড্ৰেটড আৰু উজ্জ্বল কৰি তোলে।

এই হেয়াৰ মাস্ক প্ৰস্তুত কৰাৰ আগদিনা ৰাতি অলপ মেথি গুটি তিয়াই থ'ব। তিয়াই থোৱা মেথিৰ গুটি আৰু ভাত মিহলি কৰি মিহিকৈ এটা পেষ্ট কৰিব। এই পেষ্টটোত এটা বীটৰ ৰস আৰু এল’ভেৰা জেল দি চুলিত হেনাৰ দৰে প্ৰয়োগ কৰিব। এনেকৈ প্ৰায় ১ ঘণ্টাৰ বাবে ৰাখি চুলিখিনি পৰিস্কাৰ পানীৰে ধুই পেলাব।

ভাতৰে তৈয়াৰী হেয়াৰ মাস্কৰ উপকাৰিতা

১) এই মাস্ক ব্যৱহাৰৰ ফলত চুলিৰ সৰ্বতোপ্ৰকাৰে বিকাশ হয়।

২) নিয়মীয়া ব্যৱহাৰে চুলি সৰা প্ৰতিহত কৰাত সহায় কৰে।

৩) এই হেয়াৰ মাস্কে চুলিক শক্তি আৰু প্ৰাকৃতিক উজ্জ্বলতা প্ৰদান কৰে।

৪) আগ ফটা আৰু শুকান চুলিৰ বাবেও ই অত্যন্ত কাৰ্যকৰী।

দীঘল আৰু শক্তিশালী চুলিৰ বাবে এই হেয়াৰ মাস্ক এটা সৰল আৰু কাৰ্যকৰী প্ৰতিকাৰ। ইয়াক সপ্তাহত দুবাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ চুলিৰ বিকাশ উন্নত কৰিব পাৰে। সেয়েহে, ঘৰুৱাভাৱে আপোনাৰ চুলিৰ যত্ন লওঁক আৰু প্ৰাকৃতিকভাৱে ধুনীয়া কৰি ৰাখক।

Also Read: ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin