Dailyhunt
নিৰোগী হৈ থাকিবলৈ ৰাতিপুৱা খাওঁক এই খাদ্য

নিৰোগী হৈ থাকিবলৈ ৰাতিপুৱা খাওঁক এই খাদ্য

ডিজিটেল ডেস্ক: অতি ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি অধিকাংশ লোকেই বজাৰত উপলব্ধ সহজতে ৰান্ধি খাব পৰা খাদ্যবোৰ খাবলৈ লৈছে। বিশেষকৈ কাৰ্যালয়লৈ দৈনিক অহা-যোৱা কৰা লোকসকলে ৰাতিপুৱাৰ সময়খিনি ৰাহি কৰিবলৈ সঠিক খাদ্য গ্ৰহণ নকৰে, যিয়ে স্বাস্থ্যত খুব বেয়া প্ৰভাৱ পেলায়। সুস্থ স্বাস্থ্য তথা মনৰ অধিকাৰী হ'বলৈ ৰাতিপুৱা কোনবোৰ খাদ্য খাব লাগে, জানো আহক-

কণী

কণীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ো হয়তো দোঁহৰাৰ প্ৰয়োজন নাই। এক অধ্যয়নত প্ৰমাণ হোৱা মতে, ৰাতিপুৱাৰ আহাৰত সিজোৱা কণী বা ট'ষ্ট খোৱা লোকসকলৰ আন খাদ্য খোৱা লোকসকলৰ তুলনাত ভোক যথেষ্ট কমকৈ লাগে আৰু মেদবহুলতাৰ দৰে আন বহু স্বাস্থ্য সমস্যাৰ পৰা তেওঁলোক বাচি থাকে। কণীৰ কুহুমত লুটিন আৰু জেক্সান্থিন নামৰ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে চকুৰ স্বাস্থ্য উন্নত কৰে।

তদুপৰি, কণীত ভিটামিন এ, আইৰণ, কেলচিয়াম, ফলেটসহ আন বহু অত্যাৱশ্যকীয় খনিজ থাকে।

কফি

কফিত কেফেইন থাকে, যিয়ে শাৰিৰীক সক্ৰিয়তা তথা মনটোক সতেজ কৰি ৰাখে। ইয়াত বিভিন্ন পলিফেনল, এণ্টিঅক্সিডেণ্ট থকা যৌগ আৰু প্ৰদাহ প্ৰতিৰোধী গুণাগুণ থাকে। ৰাতিপুৱা কফি খালে দিনটোলৈ আপুনি সতেজ অনুভৱ কৰিব পাৰে। বহু গৱেষণাৰ মতে, প্ৰাপ্তবয়স্কৰ বাবে দৈনিক ৪ কাপ (৯৪৬ মিলি)লৈকে কফি বা ৪০০ মিগ্ৰালৈকে কেফেইনৰ খোৱাটো সুৰক্ষিত। কিন্তু গৰ্ভধাৰণৰ সময়ত কেফেইন গ্ৰহণ কৰিব নালাগে।

ওটমিল

ওটমিল বা ওটছ আপুনি ৰাতিপুৱাৰ আহাৰত গ্ৰহণ কৰিব পাৰে। ইয়াত দ্ৰৱণীয় আঁহ থাকে, যি কলেষ্টেৰল আৰু গ্লুক'জৰ স্তৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ওটছৰ এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকজৈৱিক গুণাগুণ আছে। তদুপৰি ইয়াত আইৰণ, ভিটামিন বি মেংগানিজ, মেগনেছিয়াম, জিংক, চেলেনিয়াম থাকে। একাপ ওটছত ১০ গ্ৰাম প্ৰ'টিনৰ উৎস থাকে। প্ৰ'টিনৰ পৰিমাণ আৰু অধিক বৃদ্ধি কৰিবলৈ আপুনি পানীৰ সলনি গাখীৰেৰে ওটছ ৰান্ধিব পাৰে।

চিয়া ছীডছ

চিয়া ছীডছ বা চিয়া বীজ আঁহৰ এক অতি ভাল উৎস। ২৮ গ্ৰাম শুকান চিয়া ছীডছত প্ৰায় ১০ গ্ৰাম আঁহ থাকে। তদুপৰি, চিয়া ছীডছে গ্লুক'জৰ স্তৰ নিয়ন্ত্ৰণ, কলেষ্টেৰল হ্ৰাস আৰু প্ৰদাহ প্ৰতিৰোধ কৰে।

বেৰী

ৰাতিপুৱাৰ আহাৰত আপুনি ব্লুবেৰী, ৰাস্পবেৰী, ষ্ট্ৰবেৰী বা ব্লেকবেৰী অন্তৰ্ভূক্ত কৰিব পাৰে। এইসমূহৰ সোৱাদ মিঠা যদিও কম কেলৰিমুক্ত। বেৰীত এন্থোচাইনিন নামৰ এণ্টিঅক্সিডেণ্ট থাকে। বেৰীয়ে প্ৰদাহ, হৃদৰোগ, কৰ্কট ৰোগ, টাইপ ২ ডায়বেটিচ তথা অন্যান্য দীৰ্ঘম্যাদী স্থিতিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে।

বাদাম

সকলো প্ৰকাৰৰ বাদামতে মেগনেছিয়াম, পটাছিয়াম, এণ্টিঅক্সিডেণ্ট, প্ৰ'টিন, চৰ্বি আৰু যথেষ্ট পৰিমাণে আঁহ থাকে। এই স্বাস্থ্যকৰ গুণাগুণৰ বাবেই স্বাস্থ্য বিশেষজ্ঞই ৰাতিপুৱাৰ আহাৰত বাদাম অন্তৰ্ভূক্ত কৰাৰ পৰামৰ্শ দিয়ে। এক সমীক্ষাত প্ৰমাণ হৈছে যে যদিহে আপোনাৰ এলাৰ্জিৰ সমস্যা নহয়, দৈনিক এমুঠি বাদাম আৰু বীজ খোৱাটোৱে কাৰ্ডিওভাস্কুলাৰ ৰোগ আৰু অন্যান্য বহু গুৰুতৰ স্বাস্থ্য সমস্যাৰ আশংকা হ্ৰাস কৰিব পাৰে। বাদামত কেলৰি অধিক থাকে। যাৰ বাবে অত্যাধিক বাদাম খালে অতিৰিক্ত ওজন বৃদ্ধি হ'ব পাৰে। আপুনি নিমখ, চেনী বা তেল যোগ নকৰাকৈ বাদাম খালে আটাইতকৈ বেছি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰে।

গ্ৰীণ টি

সুস্বাস্থ্যৰ গৰাকী গৰাকী হ'বলৈ আপুনি ৰাতিপুৱা গ্ৰীণ টি গ্ৰহণ কৰিব পাৰে। গ্ৰীণ টিয়ে শৰীৰক এপিগএলটেন্টচিন গেলেট (ইজিচিজি) প্ৰদান কৰে, যি হৈছে এক এণ্টিঅক্সিডেণ্ট। এই এণ্টিঅক্সিডেণ্টে স্নায়বিক বিকাৰ, ডিমেনচিয়া আৰু কোষৰ মৃত্যুৰ বিৰুদ্ধে বিশ্বস্ত উৎসক সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

প্ৰ'টিন শ্বেক, স্মুদি

স্মুদি হৈছে এক উৎকৃষ্ট ৰাতিপুৱাৰ আহাৰৰ বিকল্প। দিনটোৰ এক সুস্বাদু আৰম্ভণিৰ বাবে পানী বা গাখীৰৰ সৈতে বাদাম, কল, বেৰী বা অন্যান্য ফল বা পাচলি মিহলি কৰি আপুনি ইয়াক তৈয়াৰ কৰিব পাৰে। প্ৰ'টিন স্বেকও খুব উপকাৰী। স্মুদি-প্ৰ'টিন শ্বেকৰ মিশ্ৰণে এক সুস্বাদু আৰু পুষ্টিগতভাৱে সন্তুলিত ৰাতিপুৱাৰ আহাৰ শৰীৰক প্ৰদান কৰাৰ বিপৰীতে ভোক হ্ৰাস কৰিব পাৰে।

ফল

ফল হৈছে ৰাতিপুৱাৰ আহাৰৰ অন্যতম স্বাস্থ্যকৰ বিকল্প। সকলো ফলতে তুলনামূলকভাৱে কম কেলৰি থাকে আৰু ইয়াত আঁহ, ভিটামিন, খনিজ আৰু সৰল শৰ্কৰা থাকে। ফলৰ আঁহে শৰীৰৰ শৰ্কৰাৰ শোষণ লেহেম কৰাত সহায় কৰে, যাৰ ফলত এক স্থিৰ শক্তিৰ উৎস প্ৰদান কৰে।

Also Read: টোপনিৰ অভাৱৰ বাবেও হয় কৰ্কট ৰোগ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin