ডিজিটেল ডেস্ক:দুবাৰকৈ বিবাহ বিচ্ছেদ হোৱাৰ পাছতো আকৌ বিয়া পাতিবলৈ সাহ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে। হয়, এই খবৰ তেওঁ খুদ ৰাজহুৱা কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁ ব্যক্তিগত জীৱনৰ বহু কথাই মুকলিকৈ প্ৰকাশ কৰিছে।
এই সাক্ষাৎকাৰটোত তেওঁ কয়, 'মোৰ দুখন বিবাহ বিফল হৈছে। কিন্তু মই অকলে থাকি ভাল নাপাওঁ। মোক এজন সংগীৰ প্ৰয়োজন। মই অকলে থাকিব নোৱাৰো। সকলো সময়তে এগৰাকী সংগীৰ অভাৱ মই খুব অনুভৱ কৰো। মই এতিয়াও মোৰ প্ৰাক্তন পত্নী ৰীনা আৰু কিৰণৰ অতি ঘনিষ্ঠ। বিচ্ছেদ হৈছে যদিও আমি এতিয়াও এটা পৰিয়ালৰ দৰেই আছো।' আমিৰৰ এই মন্তব্যৰ পাছতেই তেওঁ যে কাৰোবাৰ সৈতে সম্পৰ্কত আছে, সেয়া নিশ্চিত হৈছে।
প্ৰকৃততে, বিগত কেইদিনমানৰ পৰা এগৰাকী যুৱতীৰ সৈতে আমিৰৰ নাম উচ্চাৰিত হৈ আছে।
উল্লেখ্য যে, ১৯৮৬ চনত পৰিয়ালৰ সমৰ্থন অবিহনে আমিৰ খানে ৰীনা দত্তৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আমিৰ আৰু ৰীনাৰ দুটি সন্তানো আছে। তেওঁলোকৰ নাম জুনেইদ খান আৰু ইৰা খান। তেওঁলোক প্ৰায় ১৬ বছৰ ধৰি একেলগে আছিল। ইয়াৰ পাছতে আমিৰে তেওঁৰ কেৰিয়াৰৰ অন্যতম সফল ছবি 'লগন'ৰ দৃশ্যগ্ৰহণৰ সময়ছোৱাত কিৰণ ৰাওক লগ পাইছিল। পৰৱৰ্তী সময়ত আমিৰে ৰীনাক বিবাহ বিচ্ছেদ দি কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ যদিও তেওঁলোক দুয়োৰো বিচ্ছেদ ঘটে।

