Dailyhunt
আজি বিশ্ব মেদবহুলতা দিৱস : গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

আজি বিশ্ব মেদবহুলতা দিৱস : গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

ডিজিটেল ডেস্ক: সকলো জীৱৰ বাবেই খাদ্য অত্যাৱশ্যকীয়। খাদ্য অবিহনে জীয়াই থকাটো কঠিন। কিন্তু স্বাস্থ্যৱান হৈ জীয়াই থাকিবলৈ সঠিকভাৱে খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ। আজি বিশ্ব মেদবহুলতা দিৱস। সম্প্ৰতি দেশত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মেদবহুলতাৰ সমস্যা। শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে যে সস্তীয়া খাদ্য খোৱাৰ বাবেই অধিকাংশ ভাৰতীয়ই মেদবহুলতাৰ সমস্যাত ভূগিছে। হয়, অস্বাস্থ্যকৰ খাদ্য খোৱাই হৈছে শৰীৰৰ ওজন বৃদ্ধিৰ অন্যতম কাৰণ। এই গৱেষণাত প্ৰমাণ হৈছে যে, বাহিৰত খাদ্য খোৱাসকল অধিক মেদবহুলতাত ভোগে। কিন্তু খাদ্য যদি সস্তীয়া হয়, ই মেদবহুলতাত দুগুণে অৰিহণা যোগায়।

কি কয় বিশেষজ্ঞই ?

বিশেষজ্ঞসকলৰ মতে, মেদবহুলতা আৰু দৰিদ্ৰতাৰ মাজত এক জটিল সম্পৰ্ক আছে।

নিম্ন উপাৰ্জন গোটৰ অধিকাংশ লোকই সস্তীয়া আৰু সহজে উপলব্ধ খাদ্য খাবলৈ পছন্দ কৰে, যি প্ৰায়ে অত্যাধিক সংসাধিত আৰু উচ্চ কেলৰি যুক্ত হয়। এই খাদ্য স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এনে খাদ্য বহু ৰোগৰো উৎস।

নিম্ন উপাৰ্জন কৰা লোকসকলৰ মেদবহুলতাৰ কাৰণ

১. সংসাধিত আৰু উচ্চ কেলৰিযুক্ত খাদ্য প্ৰায়ে সস্তা আৰু সহজে উপলব্ধ হয়, যাৰ ফলত ওজন বৃদ্ধি হয়।

২. এই খাদ্যবোৰ খোৱাৰ ফলত শৰীৰত পুষ্টিৰ অভাৱ হয়, যিয়ে ৰোগক আমন্ত্ৰণ কৰে।

৩. দৰাচলতে এই ব্যক্তিসকলৰ পৰিয়ালটোও এক দুৰ্বল অৰ্থনৈতিক পৰিস্থিতিত থাকে। যাৰ ফলত কেৱল প্ৰাপ্তবয়স্কই নহয়, পৰিয়ালৰ শিশুসকলেও এনে খাদ্য নিৰন্তৰভাৱে গ্ৰহণ কৰে। যিয়ে তেওঁলোকৰ সুস্থ বিকাশত বাধা দিয়ে।

সস্তীয়া খাদ্য খোৱাৰ আন কিছুমান অসুবিধা

১) এই খাদ্যবোৰ খোৱাৰ ফলত শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ আৰু ট্ৰেন্স চৰ্বি বৃদ্ধি হয়, যিয়ে হৃদৰোগ আৰু কলেষ্টেৰলৰ আশংকা বৃদ্ধি কৰে।

২) সস্তীয়া খাদ্যত প্ৰ'টিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে অত্যাৱশ্যকীয় পুষ্টিৰ অভাৱ হয়, যাৰ ফলত শৰীৰত পুষ্টিহীনতা হয়।

৩) এনে খাদ্যত অতি উচ্চ পৰিমাণত ছ’ডিয়াম থাকিব পাৰে, যিয়ে ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

৪) সস্তীয়া খাদ্যত সাধাৰণতে উচ্চ কেলৰি থাকে। যাৰ ফলত ওজন বৃদ্ধি হয়।

৫) এনে খাদ্য খোৱাৰ ফলত অন্ত্ৰৰ সমস্যা উদ্ভৱ হয়। কিয়নো এই খাদ্যবোৰত বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে অন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি কৰে।

Also Read: আজিৰ পৰাই সাৱধান হওঁক এইসকল লো

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin