Dailyhunt
আপুনি মৰমত খোৱা চুমাটোয়ে ৰুগীয়া কৰিব পাৰে কণমানি শিশুক

আপুনি মৰমত খোৱা চুমাটোয়ে ৰুগীয়া কৰিব পাৰে কণমানি শিশুক

ডিজিটেল ডেস্ক: শিশু সকলোৰে প্ৰিয়। তেওঁলোকক দেখিলেই একোলা লোৱাৰ হেঁপাহ সকলোৰে জাগে। বহুতেই আকৌ শিশুক কোলাত লৈ চুমা এটা খালেহে শান্তি পায়। শিশুৰ কোমল ছাল, সৰু আঙুলি, উজ্জ্বল চকু, মৰমলগা চাৱনিয়ে এনেকেই আকৰ্ষণ কৰে যে, তেওঁলোকক দেখিলে চুমা খোৱাটো স্বাভাৱিক হৈ পৰে। কিন্তু আপুনি মৰমত খোৱা এটা চুমাই তেওঁলোকৰ স্বাস্থ্যক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। হয়, শিশুক কিয় চুমা খাব নালাগে, আজি জানো আহক-

বিয়পিব পাৰে বীজাণু

শাৰীৰিক সংস্পৰ্শৰ পৰাই আটাইতকৈ বেছি বীজাণু বিয়পে। ইফালে, শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হয়। যাৰ বাবে, যিকোনো ৰোগে তেওঁলোকক খুব সোনকালে আক্ৰমণ কৰিব পাৰে। সেয়েহে, শিশুসকলক অপ্ৰয়োজনীয়ভাৱে স্পৰ্শ বা চুম্বন নকৰাটোয়েই হৈছে তেওঁলোকক বীজাণুৰ পৰা সুৰক্ষিত কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়।

শ্বাস-প্ৰশ্বাসৰ ৰোগৰ আশংকা

শিশুৰ শ্বাসতন্ত্ৰও দুৰ্বল হয়। তেওঁলোকৰ হাঁওফাঁও সম্পূৰ্ণৰূপে বিকশিত হ'বলৈ প্ৰায় ৮ বছৰ সময় লাগে। সেয়েহে, যদি শিশুৰ ওঁঠত চুমা খাই থাকোতে ভাইৰাছ হাঁওফাঁওলৈ যায়, তেওঁলোক ৰোগীয়া হ'ব পাৰে।

ছাল ৰঙা পৰা

শিশুৰ ছাল অতি কোমল আৰু সংবেদনশীল।যদি আপুনি মেকআপ বা মুখত যিকোনো প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে, তেন্তে শিশুৰ সংস্পৰ্শলৈ নাহিব। প্ৰসাধন সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থৰ ফলত শিশুৰ ছালত দাগ বা ৰঙা পৰাৰ দৰে সমস্যা হ'ব পাৰে।

মুখৰ আলচাৰ

কিছুমান শিশুৰ গালত সৰু সৰু ফোঁহাৰ দৰে হয়। ই হাৰপিছ চিম্পলেক্স ভাইৰাছৰ প্ৰকাৰ ১। এই ভাইৰাছৰ ফলত মুখ বা ওঁঠত চুমা খালে সৰু-সৰু ফোঁহা হয়। এই অৱস্থাত আকৌ চুমা খালে ক্ৰমান্বয়ে ই মুখৰ আন অংশলৈ বিয়পি ভয়াৱহ ৰূপ ল’ব পাৰে।

চুম্বন ৰোগ

বহুতেই হয়তো প্ৰথমবাৰৰ বাবে এই ৰোগৰ নাম শুনিছে। চুম্বন ৰোগক চিকিৎসা বিজ্ঞানৰ ভাষাত মনোনিউক্লিঅচিছ বুলি কোৱা হয়। চুম্বন কৰোঁতে মুখৰ লেলাৱতিৰ ফলত এনে হ'ব পাৰে। এই ৰোগৰ ফলত, শিশুৰ খজুৱতি, নাকৰ পৰা পানী ওলোৱা আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা হ'ব পাৰে।

বি.দ্ৰ- যদি আপুনি শিশুক চুমা নোখাৱাকৈ থাকিব নোৱাৰে, তেন্তে পৰিস্কাৰ-পৰিচ্ছন্নতাৰ বিশেষ যত্ন ল'ব।

Also Read: শিশুৰ বিকাশত গুৰুতৰ ভূমিকা গ্ৰহণ কৰে নাৰিকল তেলে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin