Dailyhunt
অতি শীঘ্ৰেই ভাল খবৰ দিব বলীউডৰ এইগৰাকী সুন্দৰীয়ে !

অতি শীঘ্ৰেই ভাল খবৰ দিব বলীউডৰ এইগৰাকী সুন্দৰীয়ে !

ডিজিটেল ডেস্কঃ বিগত কেইদিনমান ধৰি খুব মন্দিৰ দৰ্শন কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফে। কুম্ভমেলাৰ আধ্যাত্মিক যাত্ৰাৰ পিছত কেটৰিনাই মঙলবাৰে কৰ্ণাটকৰ দক্ষিণ কানাৰা জিলাৰ কুক্কে শ্ৰী সুব্ৰহ্মণ্য মন্দিৰ দৰ্শন কৰে।

এই বিশেষ মন্দিৰটোত দুদিন ধৰি দুটা পৰ্যায়ত পূজা-অৰ্চনা হয়। মঙলবাৰে কেটৰিনা মন্দিৰৰ ভিআইপি অতিথিশালাত থাকি আজি এই পূজা-অৰ্চনা শেষ কৰি নিশা মুম্বাইলৈ ৰাওনা হ'ব। অভিনেত্ৰীগৰাকীয়ে মঙলবাৰে বিয়লি উপাসনা আৰু অন্নদানম (আন এক পবিত্ৰ ৰীতি)তো অংশগ্ৰহণ কৰে।

কিন্তু আচৰিত কথা এয়ে যে, সততে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ভাল পোৱা কেটৰিনাই এই মন্দিৰ দৰ্শনৰ সময়ছোৱাত এক প্ৰকাৰ মৌনতা অৱলম্বন কৰে।

চূৰ্ণীৰে মুখ ঢাকি কেটৰিনাই সংবাদ মাধ্যমক সম্পূৰ্ণৰূপে এৰাই চলে।

উল্লেখ্য যে, বলীউডৰ এইগৰাকী মোহময়ী অভিনেত্ৰীক অলপতে জয়পুৰত অনুষ্ঠিত হৈ যোৱা ‘আইফা ২০২৫’ত দেখা গৈছিল। এই বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰপণ কৰি কেটৰিনাই মঙলবাৰে পবিত্ৰ তীৰ্থযাত্ৰাৰ বাবে কৰ্ণাটকলৈ ৰাওনা হয়। ইফালে, শেহতীয়াকৈ সমাপ্ত হোৱা কুম্ভ মেলাতো কেটৰিনাক শাহুৱেকৰ সৈতে গংগাত স্নান কৰা দেখা গৈছিল। ইয়াৰ পূৰ্বে শিৰদীৰ ছাই বাবা মন্দিৰতো আশীৰ্বাদ লৈছিল কেটৰিনাই। এই সকলো ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া অনুৰাগীসকলে কেটৰিনাই কিয় ইমানকৈ মন্দিৰ দৰ্শন কৰি আছে, সেয়া জানিবলৈ উৎসুক হৈ পৰিছে। বহু অনুৰাগীয়ে কেটৰিনাই ভাল খব দিয়াৰ আগতে এইদৰে ভগৱানৰ দৰ্শন কৰিছে বুলি মুকলিকৈ ছ’চিয়েল মেডিয়াত মন্তব্য কৰিছে।

Also Read: প্ৰেম নাথাকিলেও চিৰদিন বন্ধু হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে তামান্নাই

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin