Dailyhunt
প্ৰেম নাথাকিলেও চিৰদিন বন্ধু হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে তামান্নাই

প্ৰেম নাথাকিলেও চিৰদিন বন্ধু হৈ থকাৰ প্ৰতিশ্ৰুতি দিলে তামান্নাই

ডিজিটেল ডেস্ক: বেয়া খবৰ ! প্ৰতিগৰাকী দৰ্শকৰে প্ৰিয় যুটি বিজয় বৰ্মা আৰু তামান্না ভাটিয়াৰ সম্পৰ্কত ফাঁট মেলিল। মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ পিছত এইবাৰ এইটো যুটিৰ বিচ্ছেদৰ খবৰ পোহৰলৈ অহাৰ পাছতে আচৰিত হৈছে প্ৰতিগৰাকী অনুৰাগী। 'লাষ্ট ষ্ট'ৰীজ ২'ৰ সফলতাৰ পিছত জনপ্ৰিয় অভিনেতা বিজয় বৰ্মা আৰু অভিনেত্ৰী তামান্না ভাটিয়াৰ প্ৰেমৰ বিষয়ে খুব চৰ্চা হৈছিল। সকলো অনুৰাগীয়ে তেওঁলোকৰ যুটিটোক খুব পছন্দও কৰিছিল। আনকি দুয়োৰে বিয়াৰ দিন ঠিক হোৱাৰ খবৰ ওলোৱাৰ পাছত অগণন অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত তেওঁলোকক শুভকামনা জনাইছিল।

কিন্তু তেওঁলোকৰ বিচ্ছেদৰ বাতৰিয়ে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। তামান্না আৰু বিজয়ে হেনো সৌহাৰ্দ্যপূৰ্ণভাৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে।

অৱশ্যে, তামান্নাই স্পষ্ট কৰি দিছে যে তেওঁলোক ভৱিষ্যতে ভাল বন্ধু হৈ থাকিব আৰু ইজনে সিজনৰ প্ৰতি কোনো বিদ্বেষ নাথাকিব। প্ৰকৃততে, দুয়োজনে এতিয়া তেওঁলোকৰ নিজ নিজ কেৰিয়াৰত গুৰুত্ব দিব বিচাৰে।

'লাষ্ট ষ্ট'ৰীজ ২' আৰু বিজয়-তামান্নাৰ প্ৰেম

তামান্না আৰু বিজয়ক প্ৰথমে নেটফ্লিক্সৰ ৱেব চিৰিজ 'লাষ্ট ষ্টোৰীজ ২'ত একেলগে দেখা গৈছিল। এই ছিৰিজটোৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁলোকৰ মাজত ৰোমান্টিক সম্পৰ্কই গঢ় লৈ উঠিছিল।

Also Read: সাজু হওঁক আপুনিও, কেতিয়াও নেদেখা ৰূপত আহি আছে 'ভাইজান'

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin