Dailyhunt
বহু বেমাৰৰ মূল কাৰণ শৰীৰত পানীৰ অভাৱ

বহু বেমাৰৰ মূল কাৰণ শৰীৰত পানীৰ অভাৱ

ডিজিটেল ডেস্ক: পানী কেৱল পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু জীৱ-জন্তু আৰু উদ্ভিদৰ সুস্বাস্থ্যৰ বাবেই নহয়, মানৱ স্বাস্থ্যৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সময় আৰু প্ৰয়োজন অনুসৰি খোৱা পানীৰ ফলত শৰীৰত পানীৰ অভাৱ দূৰ হয়।গৰমৰ দিনবোৰত পানীৰ অভাৱৰ বাবে শৰীৰত নানান সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত অত্যাধিক গৰম অনুভৱ হোৱা, বমি,ডায়েৰিয়া আদি অন্যতম।শৰীৰত পানীৰ অভাৱ হ'লে কোষ্ঠকাঠিন্য আৰু কিডনীত পাথৰো হয়। শৰীৰত পানীৰ অভাৱৰ বাবে কি ৰোগৰ আশংকা বৃদ্ধি হয়, আজি সেই বিষয়ে জানো আহক-

গাঁঠিৰ বিষ

পানীৰ অভাৱত গাঁঠিৰ সমস্যা হোৱাৰ এশ শতাংশই আশংকা থাকে। এক গৱেষণা অনুসৰি, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হ'বলৈ শৰীৰটোত পৰ্যাপ্ত পানী থকাটো অতি প্ৰয়োজনীয়।

শৰীৰত প্ৰয়োজনীয় পানী থাকিলে বিভিন্ন ঠাইত ফুলাৰ সমস্যাও নাথাকে। তদুপৰি, পানীত চাইনোভিয়েল তৰল নামৰ এটা উপাদান পোৱা যায়, যিয়ে গাঁঠিবোৰ তৈলাক্ত কৰে।

চৰ্বি

কম পানী খালে শৰীৰত মেদবহুলতা বৃদ্ধি হ'ব পাৰে। কিয়নো যেতিয়া আমি সঠিক পৰিমাণত কিবা খাওঁ আৰু পানী নাখাওঁ, আমাৰ সকলো সময়তে ভোক অনুভৱ হয়। যাৰ বাবে আমি বহুবাৰ অধিক খাদ্য খাওঁ আৰু আমাৰ শৰীৰটো চৰ্বিৰে ভৰি পৰাত অৰিহণা যোগাওঁ।

মুখৰ গোন্ধ

কম পানী খোৱা বা পানীৰ অভাৱৰ ফলত মুখত দুৰ্গন্ধ হ'ব পাৰে। কিয়নো কম পানী খালে মুখ শুকাই যায়, যাৰ ফলত মুখত লেতেৰা বেক্টেৰিয়া বিকশিত হ'বলৈ আৰম্ভ কৰে আৰু মুখত দুৰ্গন্ধ থাকে।সেয়েহে, এই সমস্যাটো এৰাই চলিবলৈ পৰ্যাপ্ত পানী খাব লাগে।

ইউটিআই সমস্যা

পানীৰ অভাৱৰ বাবে ইউটিআইৰ দৰে সমস্যাও হ'ব পাৰে। কিয়নো কম পানী খোৱাৰ বাবে কিডনীয়ে ভালদৰে কাম কৰিব নোৱাৰে।যাৰ ফলত শৰীৰত থকা বেক্টেৰিয়া আৰু বিষাক্ত পদাৰ্থ ওলাই আহিব নোৱাৰে। আনহাতে, কিডনীয়ে ভালদৰে কাম কৰিব নোৱাৰাৰ বাবে প্ৰস্ৰাৱৰ সংক্ৰমণৰ আশংকাও বৃদ্ধি হয়।

মুখত শালমইনা

কম পানী খোৱাৰ ফলত ছালৰ উজ্জ্বলতা আঁতৰি মুখমণ্ডলত ব্রণৰ সমস্যা বৃদ্ধি হ'ব পাৰে। সেয়েহে, মুখমণ্ডলৰ উজ্জ্বলতা বজাই ৰাখিবলৈ সঠিক পৰিমাণৰ পানী খোৱাটো গুৰুত্বপূৰ্ণ। পানীয়ে ছালখন হাইড্ৰেটেড ৰাখে আৰু ছালৰ উজ্জ্বলতাও ৰাখে।

Also Read: এইসমূহ অভ্যাস কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin