Dailyhunt
বহু গুৰুতৰ ৰোগৰ ঔষধ এই পানী

বহু গুৰুতৰ ৰোগৰ ঔষধ এই পানী

ডিজিটেল ডেস্ক: আমাৰ সকলোৰে পাকঘৰত থকা এবিধ পাচলি হৈছে ভেন্দি। ভেন্দি বহুতৰে প্ৰিয় যদিও একাংশই ইয়াক তেওঁলোকৰ খাদ্য তালিকাৰ পৰা বাহিৰত ৰাখে। ভেন্দিত আঁহ, এন্টিঅক্সিডেন্ট, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম, আইৰণ, ভিটামিন চি, কে আৰু বি৬ প্ৰচুৰ পৰিমাণে থাকে। ভেন্দিৰ লগতে ইয়াৰ পানীও স্বাস্থ্যৰ পক্ষে খুব উপকাৰী। এই পানী সেৱন কৰিলে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ, কলেষ্টেৰল হ্ৰাস আৰু হজম শক্তি সুস্থ হৈ থাকে। আজি ভেন্দি পানী খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

ভেন্দিত কি আছে পুষ্টিকৰ উপাদান ?

এই পানীত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। সেই সমূহ হৈছে-

আঁহঃ যিয়ে হজম শক্তি সুস্থ কৰি ৰাখে।

এন্টিঅক্সিডেন্ট: এণ্টিঅক্সিডেণ্টে কোষক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে।

ভিটামিন চি: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ভিটামিন চিয়ে।

ফ’লেট: ফ’লেটে তেজ গঠনত সহায় কৰে।

পটাছিয়ামঃ যিয়েনিয়ন্ত্ৰণ কৰে ৰক্তচাপ।

মেগনেছিয়াম: মেগনেছিয়ামেহাড় মজবুত কৰে।

লেক্টিক এচিড: অন্ত্ৰৰ স্বাস্থ্যৰ বাবে লেক্টিক এচিড উপকাৰী।

এই পানী খোৱাৰ স্বাস্থ্য উপকাৰিতা

ভেন্দিৰ পানীত থকা দ্ৰৱণীয় আঁহ আৰু পলিচেকাৰাইডে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। ই ইনচুলিন প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু শৰ্কৰাৰ মাত্ৰা সুস্থিৰ কৰি ৰাখে। টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে ভেন্দিৰ পানী উপকাৰী। দৈনিক খালী পেটত ভেন্দিৰ পানী খালে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে। ভেন্দিৰ পানীয়ে শৰীৰত থকা বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰা তথা হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। আঁহযুক্ত ভেন্দিৰ পানীয়ে ধমনীত জমা হোৱা প্লেক আঁতৰাই ৰক্ত সঞ্চালন উন্নত কৰে। সপ্তাহত ৪-৫ দিন ৰাতিপুৱা খালী পেটত এই পানী খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

উন্নত কৰে হজম শক্তি

ভেন্দিত থকা দ্ৰৱণীয় আঁহে পাচনতন্ত্ৰক সুস্থ কৰি ৰাখে। ই কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ দৰে সমস্যাৰ পৰাও সকাহ দিয়ে। ৰাতিপুৱা খালী পেটত এই পানী খালে পেট পৰিস্কাৰ হৈ থাকে আৰু গেছৰ সমস্যাও কম হয়। ভেন্দিত কেলৰি কম আৰু আঁহ বেছি থাকে। যাৰ ফলত পেটটো দীৰ্ঘ সময়লৈ ভৰি থাকে। ই ভোক নিয়ন্ত্ৰণ কৰাৰ লগতে বিপাকীয় ক্ৰিয়া উন্নত কৰে। প্ৰতিদিনে পুৱা ভেন্দিৰ পানী খালে ওজন হ্ৰাস কৰাত সহায় কৰে। তদুপৰি, এই পানীয়ে ৰক্তহীনতাও দূৰ কৰে। যিসকল লোকে ফুলা আৰু গাঁঠিৰ বিষত ভুগি আছে তেওঁলোকে এই পানী দৈনিক খাবলৈ আৰম্ভ কৰিব লাগে।

ভেন্দি পানী তৈয়াৰ কৰাৰ সঠিক উপায়

৫-৬টা মান ভেন্দি ভালদৰে ধুই দুয়োটা মূৰ কাটি ল'ব। তাৰ পাছত ভেন্দি কেইটা ২-৩ টুকুৰা কৰি কাটি লৈ এগিলাচ পানীত ৰাতিটো তিয়াই থৈ দিব। এই পানী ৰাতিপুৱা খালী পেটত খাব। ইচ্ছা কৰিলে এই ভেন্দিকেইটা আপুনি চোবাই খাব পাৰে। মনত ৰাখিব, এই পানী বেছিকৈ খালে ডায়েৰিয়া হ’ব পাৰে।

বি:দ্ৰ: কিডনী ৰোগী আৰু গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ মতেহে ভেন্দি খাব লাগে।

Also Read: গুৰুতৰ ৰোগৰ পৰা পৰিত্ৰাণ লাভৰ একেবাৰে সহজ উপায়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin