Dailyhunt
কেতিয়া, কিদৰে নিম পাত খাব লাগে জানি লওঁক

কেতিয়া, কিদৰে নিম পাত খাব লাগে জানি লওঁক

ডিজিটেল ডেস্ক: দিনে দিনে সলনি হৈ পৰা আমাৰ জীৱনশৈলী তথা ভুল খাদ্যাভ্যাসৰ বাবে আজিকালি সকলো বয়সৰ লোকেই ডায়েবেটিচৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত হৈছে। এই ৰোগৰ ফলত ৰোগীৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। ঔষধ সেৱন আৰু ইনচুলিন গ্ৰহণ কৰি ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা হয় যদিও ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰিবলৈ আহাৰৰ ক্ষেত্ৰতো বিশেষ যত্ন লোৱাটো প্ৰয়োজন। ডায়েবেটিচ ৰোগীৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে নিম পাত খোৱাটো অতি উপকাৰী। নিমপাত কেতিয়া, কেনেদৰে গ্ৰহণ কৰিব লাগে জানো আহক-

শেহতীয়া এক গৱেষণাত প্ৰমাণ হোৱা অনুসৰি, নিম পাত ডায়েবেটিক প্ৰতিৰোধী গুণাগুণৰে সমৃদ্ধ। এই গুণাগুণবোৰে পেশী কোষবোৰত গ্লুুক'জৰ স্তৰ বৃদ্ধি কৰাত ইনচুলিনক সহায় কৰে।

তদুপৰি, নিম পাত খোৱাৰ ফলত শৰীৰত গ্লুুক’জৰ স্তৰ নিয়ন্ত্ৰণত থাকে। নিম পাতত গ্লাইকোচাইড, ট্ৰাইটাৰপেনইড, এণ্টিঅক্সিডেণ্ট, ফ্লেভোনইড, এণ্টিমাইক্ৰোবাইল, এণ্টিডায়েবেটিক আৰু প্ৰদাহ-প্ৰতিৰোধী গুণ থাকে। এই সকলোবোৰ পুষ্টিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

নিমপাত কিদৰে খাব ?

. ৰাতিপুৱা খালী পেটত নিম পাত খোৱাটো বৰ উপকাৰী। তদুপৰি, ঔষধি গুণ লাভ কৰিবলৈ আপুনি নিম পাত কেঁচাকৈ চোবাব।

. আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা পানীও খাব পাৰে। এই পানী প্ৰস্তুত কৰিবলৈ পানীত অলপ নিম পাত উতলাব। নিম পাতখিনি কোমল আৰু পানীখিনি গাঢ় হ'লে গেছটো বন্ধ কৰিব। পানীখিনি ঠাণ্ডা হ’লে ছেকনিৰে ছেকি এটা পাত্ৰত ৰাখি দিনত দুবাৰকৈ এই পানী খাব।

. আপুনি নিম পাতৰ পৰা প্ৰস্তুত কৰা পাউডাৰো খাব পাৰে। পানীত ১ চাহ চামুচ এই পাউডাৰ মিহলি কৰি আপুনি দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ আধা ঘণ্টা আগতে খাব।

নিম পাত খোৱাৰ অন্যান্য লাভালাভ

. তেজ পৰিস্কাৰ হয়।

. ছাল পৰিস্কাৰ হয়।

. যকৃত আৰু বৃক্কৰ লেতেৰাখিনি শৰীৰৰ বাহিৰ হয়।

. মুখৰ স্বাস্থ্যৰ বাবে উপকাৰী

. যিকোনো আঘাত বা ফোঁহা সোনকোলে ভাল হয়।

Also Read: এইসমূহ লক্ষণ দেখা দিলে সাৱধান হ'ব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin