ডিজিটেল ডেস্ক: তীব্ৰ বিতৰ্কৰ আওতাত বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং। বহু প্ৰত্যাশিত ছবি 'ডন-৩'ৰ পৰা আকস্মিকভাৱে আঁতৰি অহাৰ পিছত ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্লইজ (Federation of Western India Cine Employees) চমুকৈ এফডব্লিউআইচিই(FWICE)য়ে তেওঁৰ বিৰুদ্ধে Non-Cooperation Directive অৰ্থাৎ অসহযোগ নিৰ্দেশনা তথা নিষেধাজ্ঞা জাৰি কৰিছে।
কেনেকৈ আৰম্ভ হ'ল বিতৰ্ক ?
ব্লকবাষ্টাৰ ছবি 'ডন'ৰ ছিকুৱেল 'ডন-৩' নিৰ্মাণ তথা এই ছবিখনত মুখ্য চৰিত্ৰত ৰণবীৰ সিঙে অভিনয় কৰাৰ বিষয়ে ২০২৩ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। ছবিখনৰ পৰিচালনা আৰু প্ৰযোজনাৰ দায়িত্বত আছিল ফাৰহান আখতাৰ।
ঘোষণাৰ পিছতেই ছবিখনক লৈ দৰ্শকৰ মাজত ব্যাপক চৰ্চা আৰু উৎসাহ সৃষ্টি হৈছিল। কিন্তু ২০২৬ ৰ আৰম্ভণিৰে পৰা ৰণবীৰ সিং আৰু ফাৰহান আখতাৰৰ মাজত সৃজনশীল মতানৈক্য আৰম্ভ হোৱা বুলি বিভিন্ন মহলত চৰ্চা চলে। ৰণবীৰে হেনো ছবিখনৰ চিত্ৰনাট্য কিছু বেলেগকৈ উপস্থাপন কৰিবলৈ বিচাৰিছিল। আনহাতে, ফাৰহান আখতাৰৰ মত আছিল ৰণবীৰতকৈ সম্পূৰ্ণ বেলেগ। এই বিষয়ক লৈ দুয়োৰে মাজত মতানৈক্য গভীৰ হোৱাত ৰণবীৰে ছবিখনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত প্ৰযোজনা সংস্থাকে ধৰি ছবিখনৰ সৈতে জড়িত এক হাজৰৰো অধিক চলচ্চিত্ৰ কৰ্মী আৰ্থিকভাৱে বিপদত পৰে।
ৰণবীৰৰ বাবে ক্ষতি হ'ল ৪৫ কোটি
'ডন-৩'ৰ পৰা ৰণবীৰ এইদৰে আঁতৰি যোৱাত প্ৰযোজকে ছবিখনৰ pre-production পৰ্যায়ত প্ৰায় ৪৫ কোটি টকাৰ ক্ষতি হৈছে বুলি অভিযোগ কৰে।
কিদৰে হৈছিল এই ক্ষতি—
চেট প্ৰস্তুতি
শ্বুটিং সূচী সমন্বয়
স্থান বুকিং
প্ৰচাৰ পৰিকল্পনা
কাৰিকৰী ব্যৱস্থা
প্ৰি-প্ৰডাকচন
- আৰু অন্যান্য প্ৰি-প্ৰডাকছন
প্ৰযোজক আৰু পৰিচালক ফাৰহান আখতাৰে এই বিষয়টো FWICEৰ ওচৰত উত্থাপন কৰি অভিযোগ কৰে যে অভিনেতাজনৰ সিদ্ধান্তৰ ফলত বহু চলচ্চিত্ৰ কৰ্মী ক্ষতিগ্ৰস্ত হৈছে।
FWICEৰ Non-Cooperation Directive
ঘটনাৰ পিছতেই FWICEয়ে ৰণবীৰ সিঙৰ বিৰুদ্ধে Non-Cooperation Directive জাৰি কৰে। সংগঠনটোৱে চলচ্চিত্ৰ উদ্যোগৰ সদস্যসকলক অভিনেতাজনৰ সৈতে কাম নকৰিবলৈ আহ্বান জনায়। FWICEৰ মুখপাত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে কয় যে, এই বিষয়টোৰ সন্দৰ্ভত আয়োজিত বৈঠকলৈ আহিবলৈ ৰণবীৰ সিঙক একাধিকবাৰ অনুৰোধ কৰা হৈছিল। কিন্তু তেওঁ সংগঠনটোৰ সৈতে কোনো ধৰণৰ সহযোগিতা কৰা নাছিল।
কি কয় ৰণবীৰ সিঙে ?
বলীউডৰ জনপ্ৰিয় অভিনেতাজনে এতিয়ালৈকে এই বিষয়ত মুখ খোলা নাই। কিন্তু তেওঁৰ টীমৰ ফালৰ পৰা প্ৰকাশিত এক সংক্ষিপ্ত বিবৃতিত কোৱা হৈছে যে, 'focus remains firmly on work.' অৰ্থাৎ, কেৱল কামৰ ওপৰতহে তেওঁলোকৰ গুৰুত্ব থাকে।
এই 'Ban' আইনগতভাৱে বৈধ নেকি ?
এই ঘটনাৰ পিছত আইনী মহলতো ব্যাপক বিতৰ্ক আৰম্ভ হৈছে। বহু আইন বিশেষজ্ঞৰ মতে, FWICEৰ 'Non-Cooperation Directive'য়ে এই বিষয়টোত এটা নৈতিক চাপ সৃষ্টি কৰিব পাৰে যদিও ই পূৰ্ণ আইনী নিষেধাজ্ঞা নহয়।
আইন বিশেষজ্ঞৰ মতে—
কোনো সংগঠনে ব্যক্তিগতভাৱে এজন অভিনেতাক সম্পূৰ্ণৰূপে কৰ্মৰ পৰা বঞ্চিত কৰিব নোৱাৰে।
চুক্তিৰ বিবাদ থাকিলে বিষয়টো civil courtত নিষ্পত্তি হ’ব পাৰে।
যদি এই ঘটনাৰ ফলত ৰণবীৰৰ পেছাগত ক্ষতি হয়, তেন্তে তেওঁ আইনী পথো অৱলম্বন কৰিব পাৰে।
সেইবাবে 'ban' শব্দটোৰ ব্যৱহাৰক লৈও বহু মহলত আপত্তি উত্থাপন হৈছে।
বলীউডত মিশ্ৰিত প্ৰতিক্ৰিয়া
ঘটনাটোক লৈ বলীউডৰ ভিতৰতে ভিন্ন জনে ভিন্ন মন্তব্য আগবঢ়াইছে। অভিনেতা মনোজ বাজপেয়ীয়ে আশা প্ৰকাশ কৰি কয় যে বিষয়টো শীঘ্ৰে আলোচনাৰ জৰিয়তে সমাধান হ’ব।
আনহাতে পৰিচালক সঞ্জয় গুপ্তায়ে পৰোক্ষভাৱে ৰণবীৰক সমৰ্থন কৰি মন্তব্য কৰে যে এজন A-list অভিনেতাক লক্ষ্য কৰি এই ধৰণৰ সিদ্ধান্ত ল’লে বহু শতাধিক চলচ্চিত্ৰ কৰ্মীৰ জীৱিকাও প্ৰভাৱিত হ’ব পাৰে।
চলচ্চিত্ৰ সম্পাদক শ্বেতা ভেংকটে য়ে FWICEৰ 'selective action'ক সমালোচনা কৰি কয় যে বহু সম্পাদকৰ অভিযোগ বছৰ বছৰ ধৰি উপেক্ষা কৰা হৈছিল, কিন্তু ৰণবীৰ সিঙৰ ক্ষেত্ৰত তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
অনিশ্চিত ভৱিষ্যতৰ ফালে 'DON 3'
ৰণবীৰ সিং আঁতৰি অহাৰ পিছত এতিয়া সৰ্বাধিক চৰ্চিত প্ৰশ্ন হৈছে— 'Don' চৰিত্ৰত দৰ্শকে কাক দেখিবলৈ পাব ? প্ৰযোজকে যদিও এতিয়ালৈকে আনুষ্ঠানিকভাৱে নতুন অভিনেতাৰ নাম ঘোষণা কৰা নাই, তথাপিও সামাজিক মাধ্যমত বিভিন্ন অভিনেতাৰ নাম লৈ জল্পনা-কল্পনা চলি আছে, য'ত মতভেদ দেখা গৈছে। একাংশই নতুন মুখক সমৰ্থন কৰিছে, আনহাতে বহুতে এতিয়াও শ্বাহৰুখ খানকে পুনৰ 'Don'ৰ ৰূপত দেখাৰ আশা প্ৰকাশ কৰিছে।
বলীউডৰ বাবে বৃহৎ সংকেত
এই বিতৰ্কই বলীউডত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে—
অভিনেতাৰ সৃজনশীল স্বাধীনতাৰ সীমা কিমান?
চুক্তিভংগৰ দায়িত্ব কেনেদৰে নিৰ্ধাৰিত হ’ব?
চলচ্চিত্ৰ ইউনিয়নসমূহৰ ক্ষমতা কিমান দূৰলৈ বৈধ?
আৰু কৰ্প’ৰেট চলচ্চিত্ৰ ব্যৱস্থাত star systemৰ প্ৰভাৱ কিমান?
ৰণবীৰ সিং বনাম ফাৰহান আখতাৰৰ এই সংঘাত এতিয়া কেৱল এখন ছবিৰ সমস্যা হৈ থকা নাই, ই আধুনিক বলীউডৰ ক্ষমতাৰ সমীকৰণ, চুক্তিভিত্তিক পেশাদাৰী সংস্কৃতি আৰু সৃজনশীল স্বাধীনতাৰ ওপৰত এক বৃহৎ বিতৰ্কৰ ৰূপ লৈছে। আগন্তুক সময়ত আলোচনাৰ জৰিয়তে বিষয়টোৰ সমাধান হয় নে আইনী সংঘাত অধিক গভীৰ হয়, সেয়া সময়তহে লক্ষণীয় হ'ব।
উল্লেখ্য যে,যদিও বহু সংবাদমাধ্যমে ইয়াক ৰণবীৰ সিঙক বলীউডত 'ban' বা নিষেধাজ্ঞা বুলি উল্লেখ কৰিছে, FWICEয়ে পৰৱৰ্তী সময়ত স্পষ্ট কৰি কয় যে ই কোনো পূৰ্ণাঙ্গ আইনী নিষেধাজ্ঞা নহয়, বৰং উদ্যোগটোৰ সদস্যসকলক অভিনেতাজনৰ সৈতে সহযোগিতা নকৰিবলৈ আহ্বান জনোৱা হৈছে।

