Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ছলমান খানক Never-before-seen 'লুক'ত চাবলৈ সাজু হওক আপুনিও

ছলমান খানক Never-before-seen 'লুক'ত চাবলৈ সাজু হওক আপুনিও

ডিজিটেল ডেস্ক: আগতে কেতিয়াও নেদেখা ৰূপত এইবাৰ অনুৰাগীয়ে দেখিবলৈ পাব বলীউডৰ 'ভাইজান' ছলমান খানক। সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ছলমানৰ এই নতুন ছবিখন। ছবিখনৰ নাম 'দ্য মেছেনজাৰছ'। এই ছবিখন প্ৰযোজনা কৰিছে দিল ৰাজুয়ে আৰু পৰিচালনা কৰিছে ভামছি পাইডিপল্লীয়ে। ছবিখনত ছালমান খানৰ বাবে একাধিক ভিন্ন ৰূপ ডিজাইন কৰা হৈছে, যাৰ বাবে তেওঁক সম্পূৰ্ণ নতুন অৱতাৰত উপস্থাপন কৰা হ'ব। এই বিশেষ 'never-before-seen look' তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছে বিখ্যাত মেকআপ আৰু প্ৰ'স্থেটিক ডিজাইনাৰ প্ৰীতিশীল সিংহক।
ছবিখনত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰায়ে ছলমানৰ বিপৰীতে অভিনয় কৰিছে। এই সংযোজনৰ পিছতে ছবিখনক লৈ অনুৰাগীৰ মাজত উত্তেজনা আৰু বৃদ্ধি পাইছে।

ছবিখনৰ শ্বুটিং মুম্বাই আৰু মানালীত চলি আছে। মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা ‘দ্য মেছেনজাৰছ’ আগন্তুক বৰ্ষৰ ঈদত মুক্তি পাব।

এই ছবিখনৰ ঘোষণা হোৱাৰ পিছৰে পৰাই সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যাপক উচ্ছ্বাস আৰু কৌতূহল। বিশেষকৈ ছলমান খানৰ ‘never-before-seen look’ক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছে অধিক আগ্ৰহ।

বৃহৎ বাজেট আৰু আধুনিক উপস্থাপনেৰে নিৰ্মাণ হ’বলগীয়া 'দ্য মেছেনজাৰছ' প্ৰযোজনা কৰিছে দক্ষিণ ভাৰতৰ খ্যাতনামা প্ৰযোজক দিল ৰাজুয়ে। পৰিচালনাৰ দায়িত্বত আছে সফল চলচ্চিত্ৰ নিৰ্মাতা ভামছি পাইডিপল্লী। দাক্ষিণাত্য আৰু বলীউডৰ এই শক্তিশালী সংমিশ্ৰণে ছবিখনক আৰম্ভণিৰ পৰাই বিশেষ চৰ্চালৈ আনিছে।

ছবিখনত ছলমান খানৰ বাবে একাধিক ভিন্ন ৰূপ ডিজাইন কৰা হৈছে। প্ৰতিটো 'লুকে'ই হ’ব সম্পূৰ্ণ পৃথক আৰু কাহিনীৰ বিভিন্ন পৰ্যায়ৰ সৈতে সংযুক্ত। এই ৰূপসমূহৰ জৰিয়তে অভিনেতাজনক নতুন ধৰণে উপস্থাপন কৰাৰ চেষ্টা কৰিছে নিৰ্মাতাসকলে। ছবিখনৰ অন্যতম বিশেষ আকর্ষণ হিচাপে বিবেচিত হৈছে ছলমান খানৰ এই ‘never-before-seen look’।

এই ব্যতিক্ৰমী ৰূপ সৃষ্টি কৰাৰ দায়িত্ব দিয়া হৈছে বলীউডৰ খ্যাতনামা মেকআপ আৰু প্ৰ’স্থেটিক ডিজাইনাৰ প্ৰীতিশীল সিঙক। ইয়াৰ পূৰ্বেও বহু বৃহৎ ছবিত নিজৰ দক্ষতাৰ চাপ ৰাখিছে তেওঁ। এই ছবিতো উন্নত প্ৰ’স্থেটিক আৰু মেকআপ কৌশলৰ সহায়ত ছলমান খানক এক সম্পূৰ্ণ নতুন অবয়ৱত উপস্থাপন কৰা হ’ব।

ছলমানৰ বিপৰীতে দক্ষিণৰ সুন্দৰী

আনহাতে, ছবিখনত দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰায়ে ছলমান খানৰ বিপৰীতে অভিনয় কৰিছে। এই যুটিক প্ৰথমবাৰৰ বাবে একেলগে ৰূপালী পৰ্দাত দেখিবলৈ পাব দৰ্শকে। ছবিখনত নয়নতৰাৰ অন্তৰ্ভুক্তিৰ পিছতেই অনুৰাগীৰ মাজত ছবিখনক লৈ উত্তেজনা আৰু বৃদ্ধি পাইছে।

বৰ্তমান ছবিখনৰ শ্বুটিং মুম্বাই আৰু মানালীৰ বিভিন্ন মনোমোহা লোকেশ্যনত পূৰ্ণগতিত চলি আছে। একাংশ একশ্যন দৃশ্য আৰু আবেগঘন মুহূৰ্তৰ দৃশ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে। মুক্তিৰ বহু আগতেই ব্যাপক চৰ্চা লাভ কৰা 'দ্য মেছেনজাৰ' আগন্তুক বৰ্ষৰ ঈদত বিশ্বজুৰি মুক্তি পাব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin