Dailyhunt
কাৰ গাফিলতিত ঘটিল এই ঘটনা ? তীব্ৰ প্ৰতিক্ৰিয়া

কাৰ গাফিলতিত ঘটিল এই ঘটনা ? তীব্ৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: আজিকালি ছ'চিয়েল মেডিয়াই আমাক বহুত খবৰ দিয়ে। শেহতীয়াকৈও এনে এটা বিশেষ খবৰে সকলোকে আচৰিত কৰিছে। হয়, আইচক্ৰীমত ওলাইছে মৰা সাপ। খাবলৈ লওঁতেই এজন ব্যক্তিয়ে আইচক্ৰীমত পালে এডাল মৰা সাপ।

ছ'চিয়েল মেডিয়াত এতিয়া সাপ সোমাই থকা আইচক্ৰীমটোৰ ফটো ভাইৰেল হৈছে। প্ৰকৃততে, থাইলেণ্ডৰ মুয়াং ৰাটচাবুৰী অঞ্চলৰ ৰেবান নাকলেংবুন নামৰ এজন ব্যক্তিয়ে এই খবৰটো ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছে। তেওঁ ব্লেক বিন আইচক্ৰীম বাৰৰ পৰা আইচক্ৰীম কিনি খাবলৈ লওঁতেই এই দৃশ্যটো দেখি আচৰিত হয়। আইচক্ৰীমৰ ভিতৰত ক'লা-হালধীয়া ৰঙৰ মৰা সাপৰ পোৱালি দেখি ব্যক্তিজনে অৱশ্যে ভয়ত আইচক্ৰীমটো পেলাই নিদি তাৰ ফটো তুলি ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰে।

ফটোখন শ্বেয়াৰ কৰি তেওঁ লেখিছে, ‘তোমাৰ চকু দুটা বৰ মৰমলগা। এনেকৈ কেনেকৈ মৰিলা ? এইখন অৰিজিনেল ফটো, কাৰণ মই নিজেই এই আইচক্ৰীমটো কিনিছো।’

এই ফটোখনে চৰ্চা লাভ কৰাৰ পাছতে বহু লোকে ছ'চিয়েল মেডিয়াত মুকলিকৈ তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতেই ক’লা-হালধীয়া ৰঙৰ এই সাপবিধ ​​অতি বিষাক্ত বুলি মন্তব্য কৰাৰ বিপৰীতে কিছু লোকে এই সাপ বিযাক্ত নহয় বুলি মন্তব্য কৰিছে। ইয়াৰ বিপৰীতে একাংশই ইয়াক গুৰুতৰ অৱহেলা বুলি অভিহিত কৰিছে। এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লেখিছে, 'এয়া এক গুৰুতৰ গাফিলতি, আইচক্ৰীম বিক্ৰেতাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে।' আন এজনে ধেমেলীয়াকৈ লিখিছে, 'কোনো সমস্যা নাই, নতুন সোৱাদটো চেষ্টা কৰক'। উল্লেখ্য যে, কেনেকৈ আৰু কাৰ অসাৱধানতাত আইচক্ৰীমত মৰা সাপ ওলাবলৈ পালে, সেয়া অৱশ্যে এতিয়াও ৰহস্যৰ আৱৰ্ততে আছে।

Also Read: এই আজৱ কাণ্ডত আচৰিত নেটিজেন, তীব্ৰ চৰ্চা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin