Dailyhunt
বৃদ্ধ অৱস্থাতো আকৰ্ষণীয় হৈ থাকিবলৈ অনুসৰণ কৰক এই জীৱনশৈলী

বৃদ্ধ অৱস্থাতো আকৰ্ষণীয় হৈ থাকিবলৈ অনুসৰণ কৰক এই জীৱনশৈলী

ডিজিটেল ডেস্ক: জীনাত আমান, অপৰূপ সৌন্দৰ্যই যাৰ পৰিচয় ! ৭0-৮০ দশকত অবিশ্বাস্যভাৱে বলীউডত দপ-দপাই আছিল এইগৰাকী সুন্দৰীয়ে। কেৱল তেতিয়াই নহয়, বৰ্তমানেও জীনাত আমানাৰ সৌন্দৰ্য অতুলনীয়। ৭২ বছৰ বয়সতো এইগৰাকী অভিনেত্ৰী দেখাত ৩০ বছৰীয়া যুৱতীৰ দৰেই হৈ আছে। এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ আৰু স্বাস্থ্যৱান। পিছে, এই বয়সতো এনে সৌন্দৰ্য অধিকাৰী হৈ থাকিব পৰাৰ ৰহস্য কি আপুুনি জানেনে ?

অধিকাংশ মহিলাই বয়সৰ লগে লগে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে। কিন্তু এই বয়সতো জীনাত আমান সম্পূৰ্ণ ফিট। শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত তেওঁ তেওঁৰ ফিটনেছৰ ৰহস্যৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰি প্ৰত্যেকজন ব্যক্তিক শৰীৰৰ যত্ন ল'বলৈ অনুপ্ৰেৰণা যোগাইছে।

জীনাত আমানৰ ফিটনেছ টিপছ

এইগৰাকী অভিনেত্ৰীৰ ফিটনেছৰ ৰহস্য অতি সৰল আৰু প্ৰাকৃতিক। ছ’চিয়েল মেডিয়াত তেওঁ প্ৰকাশ কৰা মতে, ‘মোৰ মাতৃয়ে মোক এটা অতি গুৰুত্বপূৰ্ণ কথা শিকাই থৈ গ’ল। তেওঁ মোক সদায় কমকৈ আৰু সতেজ খাদ্য খাবলৈ পৰামৰ্শ দিছিল। খাদ্য হৈছে প্ৰকৃততে ইন্ধন। আমাৰ দিনত পুষ্টিবিদ বা ডায়েটিশিয়ান বা ব্যক্তিগত প্ৰশিক্ষক নাছিল। মই মোৰ মাতৃৰ পৰামৰ্শই গ্ৰহণ কৰিছিলো, যিসমূহ এতিয়া মোৰ ফিটনেছৰ ৰহস্য হৈ পৰিছে। মইও সকলোকে কওঁ, সুস্থ হৈ থাকিবলৈ কম খাওক আৰু সতেজ খাওক অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলৰ সৈতে তেওঁ কেতিয়া কি খায়, সেই বিষয়েও ভাগ-বতৰা কৰিছে।

ৰাতিপুৱা কি খাই জীনাত আমানে ?

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুৱাটো একাপ ৰঙা চাহৰ সৈতে আৰম্ভ কৰে। চাহৰ সৈতে তাই আঠৰ পৰা দহটা তিয়াই থোৱা কাঠবাদাম খায়। ইয়াৰ পিছত তেওঁ চেড্ডাৰ চীজৰ টুকুৰাৰ সৈতে ট’ষ্ট আৰু আভাকাড’ খায়। অৱশ্যে, কেতিয়াবা ৰাতিপুৱা তেওঁ বেচনৰ চিলা বা পোহাও খায়।

দুপৰীয়াৰ আহাৰ

জীনাত আমানৰ বাবে দুপৰীয়াৰ আহাৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। দুপৰীয়া তেওঁ সদায় পুষ্টিকৰ আৰু সতেজ খাদ্য খায়। দুপৰীয়াৰ আহাৰত তেওঁ সাধাৰণতে দাইল, পাচলি, ৰুটী খায়। বিশেষকৈ, জীনাতে দুপৰীয়া জ্বলা আৰু টেঙা দাইল খাবলৈ ভাল পায়। আনহাতে, কেতিয়াবা তেওঁ সেউজীয়া মচলাৰে তৈয়াৰী আলু-মটৰ আৰু পনীৰ টিক্কা খায়। ঘৰত বনোৱা বিলাহীৰ চাটনিও তেওঁৰ খুব প্ৰিয়।

সন্ধিয়াৰ আহাৰ

জীনাত আমানে উল্লেখ কৰা মতে, যিদৰে ৰাতিপুৱাৰ আহাৰ গুৰুত্বপূৰ্ণ, ঠিক সেইদৰে তেওঁৰ বাবে সন্ধিয়াৰ জলপানো খুব গুৰুত্বপূৰ্ণ। প্ৰতিদিনে সন্ধিয়া প্ৰায় পাঁচ বজাত তেওঁ মাখানা খায়, যি খুব পুষ্টি সম্পন্ন। মিঠা খাবলৈ মন গ’লে তেওঁ চকলেট খায় যদিও অত্যাধিক মিঠা তেওঁ নাখায়। ভোক যদি নালাগে তেওঁ নৈশ আহাৰ গ্ৰহণ নকৰে। কেতিয়াবা বেছি ভোক লাগিলে তেওঁ ওটছ বা দাইল নিশাৰ আহাৰ হিচাপে গ্ৰহণ কৰে।

এই স্বাস্থ্যকৰ জীৱনশৈলীয়েই জীনত আমানক এতিয়াও আকৰ্ষণীয় যুৱতীৰ দৰেই কৰি ৰাখিছে। আপুনিও যদি বৃদ্ধ অৱস্থালৈকে দেখনীয়াৰ হৈ থাকিবলৈ বিচাৰে, জীনত আমানৰ জীৱনশৈলী আপোনাৰ বাবে আদৰ্শ হ’ব পাৰে।

Also Read: নখে দিব পাৰে এজন ব্যক্তিৰ মৃত্যুৰ ইংগিত

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin