Dailyhunt
নখে দিব পাৰে এজন ব্যক্তিৰ মৃত্যুৰ ইংগিত

নখে দিব পাৰে এজন ব্যক্তিৰ মৃত্যুৰ ইংগিত

ডিজিটেল ডেস্ক: আপোনাৰ জীৱনকাল কিমান, তাৰ হিচাপ আপোনাৰ হাততে লুকাই থাকে।হয়, নখেই নিশ্চিত কৰিব পাৰে আমাৰ জীৱনকাল। শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এই আচৰিত তথ্য। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণা অনুসৰি, নখৰ বিকাশ দীৰ্ঘজীৱন আৰু স্বাস্থ্যৰ সৈতে সম্পৰ্কিত।

জীৱনকালৰ সৈতে নখৰ বিকাশৰ সম্পৰ্ক

হয়তো প্ৰতিজন ব্যক্তিয়েই তেওঁলোকৰ জীৱনকালৰ বিষয়ে জানিবলৈ আগ্ৰহী। কিন্তু আমি এয়াও জানো যে, জন্ম, মৃত্যু আৰু বিবাহ কাৰ কেতিয়া হয়, তাৰ হিচাপ থাকে কেৱল ইশ্বৰৰ হাতত। কিন্তু এতিয়া আপুনি আপোনাৰ জীৱনকালৰ বিষয়ে নিজেই জানিব পাৰিব। হয়, ইয়াৰ উত্তৰ থাকে আঙুলিৰ নখত। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এক গৱেষণাত এই কথা স্পষ্ট হৈছে।

এজন ব্যক্তিৰ মৃত্যুৰ ইংগিত দিব পাৰে নখে

হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ আনুবংশিক বিশেষজ্ঞ ডাঃ ডেভিদ ছিনক্লেয়াৰৰ গৱেষনা অনুসৰি, নখৰ স্বাস্থ্য আৰু বিকাশে এজন ব্যক্তিৰ জীৱনকাল কিমান দীঘলীয়া তথা তেওঁৰ মৃত্যু কেতিয়া হ’ব, তাক সূচিত কৰিব পাৰে।

কাৰ জীৱনকাল দীঘলীয়া হয়?

গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি, শৰীৰত কিমান সোনকালে নতুন কোষ গঠন হৈছে, সেয়া নখৰ স্বাস্থ্যই স্পষ্ট কৰে। যদি আপোনাৰ নখ দ্ৰুতগতিত বাঢ়ি আছে, জানিব আপোনাৰ জীৱনকাল দীঘলীয়া অৰ্থাৎ আপুনি বহুদিন জীয়াই থাকিব। ইয়াৰ বিপৰীতে আপোনাৰ নখ যদি সোনকালে দীঘল নহয়, তেতিয়া জানিব আপোনাৰ মৃত্যুৰ দিন চমু চাপিছে। সেয়েহে, আপোনাৰ নখ কেনেদৰে দীঘল হৈছে, তাৰ প্ৰতি মনোযোগ দিব আৰু সময়মতে যতন ল'ব।

Also Read: সাৱধান ! ফাকুৱাৰ আনন্দত মতলীয়া হৈ এই ভুল নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin