Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
চকুৱে দিয়ে কিডনী বেয়া হোৱাৰ খবৰ

চকুৱে দিয়ে কিডনী বেয়া হোৱাৰ খবৰ

ডিজিটেল ডেস্ক: বৃক্ক বা কিডনীৰ ৰোগক সাধাৰণতে 'নীৰৱ' ৰোগ বুলি বিবেচনা কৰা হয়। কিয়নো ইয়াৰ প্ৰাৰম্ভিক অৱস্থাত কোনো ধৰণৰ স্পষ্ট বা চিন্তনীয় লক্ষণ শৰীৰত দেখা নাযায়। কেতিয়াবা ইয়াৰ সূক্ষ্ম লক্ষণ শৰীৰত দেখা দিয়ে যদিও মানুহে প্ৰায়ে আওকাণ কৰে। চিকিৎসকৰ মতে এনে লক্ষণসমূহে বৃক্কৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ ইংগিত দিয়ে। কিডনীৰ কাৰ্যক্ষমতা হ্ৰাস হোৱাৰ এনে ৫টা প্ৰধান লক্ষণ হৈছে-

চকু ফুলি উঠা

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চকুৰ চাৰিওফালে ফুলিলে বুজি পাব যে আপোনাৰ কিডনীয়ে প্ৰটিন সঠিকভাৱে ফিল্টাৰ কৰিব পৰা নাই। এয়া শৰীৰত তৰল পদাৰ্থ জমা হোৱাৰো লক্ষণ।

বমি হোৱা বা বমিৰ দৰে অনুভৱ

যদি আপুনি কোনো কাৰণ নোহোৱাকৈ বাৰে বাৰে বমি কৰে বা বমিৰ অনুভৱ হয়, তেন্তে ই শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ লক্ষণ হ'ব পাৰে।

যেতিয়া কিডনীয়ে সঠিকভাৱে কাম নকৰে তেতিয়া শৰীৰত এই লক্ষণে দেখা দিয়ে।

ক্লান্তি আৰু দুৰ্বলতা

ভাগৰুৱা অনুভৱ বা শৰীৰত শক্তিৰ অভাৱ অনুভৱ হোৱাটোও কিডনীৰ সমস্যাৰ সৈতে জড়িত। কিডনীৰ সমস্যাই আৰ বি চি (ৰক্তকণিকা)ক প্ৰভাৱিত কৰে, যাৰ ফলত শৰীৰ দুৰ্বল হৈ পৰে।

প্ৰস্ৰাৱৰ পৰিৱৰ্তন

স্বাস্থ্য বিশেষজ্ঞৰ মতে, সঘনাই বা কমকৈ প্ৰস্ৰাৱ কৰা, ফেনাযুক্ত বা ক’লা প্ৰস্ৰাৱ, এই সকলোবোৰ কিডনীৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱাৰ লক্ষণ হ’ব পাৰে।

ভৰি বা গোৰোহা ফুলা

ভৰি, গোৰোহা বা হাতৰ ফুলি থাকিলে আপুনি বুজিব যে আপোনাৰ কিডনীয়ে সঠিকভাৱে কাম কৰা নাই। ই শৰীৰত অতিৰিক্ত পানী জমা হোৱাৰ লক্ষণ।

কেতিয়া সজাগ হ’ব লাগে ?

যদি এই লক্ষণসমূহ স্থায়ী হয়, তেন্তে ইয়াক ভুলতো আওকাণ নকৰিব। সময়মতে তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। কিডনী সুস্থ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। বিষাক্ত পদাৰ্থবোৰ উলিয়াই আনিবলৈ দৈনিক ৭–৮ গিলাচ পানী খোৱাটো অতি প্ৰয়োজনীয়। নিমখ, প্ৰচেছড খাদ্য কম আৰু ফলমূল, শাক-পাচলি বেছিকৈ খাব।

সক্ৰিয় হৈ থাকক

দৈনিক লঘু ব্যায়াম কৰক। অত্যধিক বিষনাশক ঔষধ পৰিহাৰ কৰক। কিছুমান বিষনাশক ঔষধে কিডনীৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ ডায়েবেটিছ বা উচ্চ ৰক্তচাপ থাকিলে নিয়মীয়াকৈ পৰীক্ষা-নিৰীক্ষা কৰি থাকিব লাগে। মনত ৰাখিব যে কিডনীৰ ৰোগ প্ৰায়ে নীৰৱে বাঢ়ি যায়। গতিকে শৰীৰৰ সূক্ষ্ম সংকেতবোৰ চিনি পোৱাটোৱেই হৈছে সৰ্বোত্তম প্ৰতিৰক্ষা।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin