Dailyhunt
এই আজৱ কাণ্ডত আচৰিত নেটিজেন, তীব্ৰ চৰ্চা

এই আজৱ কাণ্ডত আচৰিত নেটিজেন, তীব্ৰ চৰ্চা

ডিজিটেল ডেস্ক: আজিৰ এই ডিজিটেল যুগত সৰু সৰু ঘটনাবোৰেও খুব চৰ্চা লাভ কৰে। শেহতীয়াকৈও ছ'চিয়েল মেডিয়াত এটা বিশেষ ঘটনাৰ ভিডিঅ' খুব ভাইৰেল হৈছে। এই ভিডিঅ'টোত এগৰাকী মহিলাক পঞ্চম মহলাৰ বেলকনিৰ পৰা এটা ৱাচিং মেচিন তলতৈ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে।

প্ৰকৃততে, সেই বিশেষ অট্টালিকাটোত লিফটৰ ব্যৱস্থা নথকাত ৱাচিং মেচিনটো চিৰিৰে তললৈ নমাবলৈ মহিলাগৰাকীয়ে অসুবিধাৰ সন্মুখীন হৈছিল। যাৰ বাবে তেওঁ এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰি ৱাচিং মেচিনটো তললৈ নমোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে মহিলাগৰাকীয়ে এটা পৰিকল্পনা কৰিছিল। তেওঁ ৱাচিং মেচিনটো চিৰিৰে তললৈ নমোৱাৰ সলনি বেলকনিৰে তললৈ পেলাই দিব বুলি ঠিৰাং কৰিছিল। তলত তেওঁ এখন ডাঙৰ মেট্ৰেছ পাৰি থৈছিল, যাতে ওপৰৰ পৰা পেলাই দিলে মেচিনটো সেই মেট্ৰেছত পৰে আৰু মেচিনৰ একো ক্ষতি নহয়।

কিন্তু এই পৰিকল্পনাত সফল নহ’ল মহিলাগৰকী। তেওঁ ৱাচিং মেচিনটো তলৰ মেট্ৰেছখনত পৰিব বুলি ওপৰৰ পৰা পেলাই দিছিল ঠিকেই, কিন্তু মেচিনটো মেট্ৰেছত নপৰিল। যাৰ বাবে ভাঙি চূৰমাৰ হয় মেচিনটো। এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাত অগণন ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে, এই ঘটনাটো বাৰ্লিনত সংঘটিত হৈছে।

Also Read: ডিজিটেল যুগতো সমাদৰ আছে হাতৰ আখৰৰ !

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin