Dailyhunt
ডিজিটেল যুগতো সমাদৰ আছে হাতৰ আখৰৰ !

ডিজিটেল যুগতো সমাদৰ আছে হাতৰ আখৰৰ !

ডিজিটেল ডেস্ক: আজিৰ ডিজিটেল যুগত টাইপিঙৰ প্ৰয়োভৰত ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছে হাতৰ আখৰ। কিন্তু এই সময়তে আকৌ হাতৰ আখৰে বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে। হয়, শেহতীয়াকৈ এগৰাকী যুৱতীৰ হাতৰ আখৰক 'পৃথিৱীৰ আটাইতকৈ ধুনীয়া হস্তাক্ষৰ' হিচাপে স্বীকৃতি দিয়া হৈছে। পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাতৰ আখৰৰ গৰাকীৰ নাম প্ৰকৃতি মাল্লা। নেপালৰ বাসিন্দা প্ৰকৃতিৰ বয়স ১৬ বছৰ। প্ৰকৃতিৰ হাতৰ আখৰ ইমানেই নিখুঁত আৰু ধুনীয়া যে বিশেষজ্ঞসকলে ইয়াক 'মাষ্টাৰপিচ' আখ্যা দিছে।

প্ৰকৃতিৰ হাতৰ আখৰৰ এটা বিশেষ পৃষ্ঠা এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে। ১৬ বছৰ বয়সতে ইমান ধুনীয়া হাতৰ আখৰ কেনেকৈ লিখিব পাৰে বুলি সৰ্বত্ৰে চৰ্চা চলিছে। প্ৰকৃতিৰ হাতৰ আখৰৰ ভাইৰেল হোৱা সেই পৃষ্ঠাটোৰ প্ৰতিটো শব্দই নিখুঁত।

প্ৰকৃতিয়ে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁৰ আকৰ্ষণীয় তথা সুন্দৰ হস্তাক্ষৰৰ বাবে বিশ্বজুৰি চৰ্চা লাভ কৰিছিল। অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰকৃতিৰ আখৰে পোন প্ৰথমবাৰৰ বাবে সকলোয়ে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ পৰিপাটি আৰু সুন্দৰ হাতৰ আখৰে সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছিল।

বিশেষজ্ঞৰ মতে, হাতৰ আখৰ লেখাৰ দক্ষতা হ্ৰাস হোৱাত শিক্ষা আৰু ব্যক্তিগত অভিব্যক্তিত যথেষ্ট প্ৰভাৱ পেলাইছে। কিয়নো হাতৰে লেখিলে লিখাৰ চিন্তা আৰু শব্দৰ মাজত গভীৰ সংযোগ গঢ়ি তোলে। লেখা কাৰ্যই জ্ঞানীয় কাৰ্যক্ষমতা আৰু স্মৃতি শক্তি বৃদ্ধি কৰিব পাৰে। টাইপ’গ্ৰাফী আৰু পেনমেনশ্বিপৰ বিশেষজ্ঞসকলেও প্ৰকৃতিৰ লেখনি বিশ্লেষণ কৰিছে। আনহাতে, বিশেষজ্ঞই তেওঁৰ হাতৰ আখৰৰ ষ্টাইলটো এটা নতুন ডিজিটেল টাইপফেচৰ বাবে টেমপ্লেট হিচাপে ব্যৱহাৰ কৰিব পাৰি বুলি পৰামৰ্শ আগবঢ়াইছে।

উল্লেখ্য যে, প্ৰকৃতিক ইউ.এ.ই.ৰ ৫১ সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ বাবে অভিনন্দন পত্ৰ লিখিবলৈ বাছনি কৰা হৈছিল। ৰাষ্ট্ৰীয় দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত বিশেষ অনুষ্ঠানত প্ৰকৃতিক বিশেষভাৱে সন্মানিত কৰে ইউ.এ.ইৰ দূতাবাসে।

Also Read: বজাৰৰ নহয়, এইবিধ ঘৰুৱা সামগ্ৰীৰে ৰেখাই কৰে সৌন্দৰ্য চৰ্চা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin