Dailyhunt
এই ভুল কৰিলে আপোনাৰ বিপদ নিশ্চিত

এই ভুল কৰিলে আপোনাৰ বিপদ নিশ্চিত

ডিজিটেল ডেস্ক: বিমানত উঠি ভ্ৰমণ কৰাৰ মজাই সুকীয়া। সেয়ে হয়তো বিমান যাত্ৰাৰ হাবিয়াস সকলোৰে থাকে। কিন্তু কেতবোৰ বিশেষ দিশত সাৱধানতা অৱলম্বন নকৰিলে এই যাত্ৰা আপোনাৰ বাবে আৰামদায়ক নহ'ব পাৰে। হয়, ভ্ৰমণৰ আগতে আমি সদায় স্বাস্থ্যসন্মত আৰু অতি লঘু খাদ্য খাব লাগে। যাত্ৰাৰ সময়ত যাতে পেটৰ সমস্যা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কিছুমান খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বিমান যাত্ৰা কৰাৰ পূৰ্বে কোনবোৰ খাদ্য খাব নালাগে,আজি জানো আহক-

টেঙাজাতীয় খাদ্য

বিমান যাত্ৰা কৰাৰ পূৰ্বে কেতিয়াও টেঙাজাতীয় খাদ্য খাব নালাগে। অত্যধিক টেঙা খাদ্য খালে পেটত অস্বস্তিৰ সৃষ্টি হয়। ইয়াৰ ফলত পেট ফুলা, বদহজমৰ দৰে সমস্যা হ'ব পাৰে।

দাইল, ৰাজমাহ

দাইল-ৰাজমাহ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। কিন্তু ইয়াত যথেষ্ট পৰিমাণে প্ৰটিন থাকে। এনে প্ৰটিনযুক্ত খাদ্য খোৱাৰ পিছত বিমানত যাত্ৰা কৰিলে পেটত গেছৰ সমস্যা হ’ব পাৰে। সেয়েহে যাত্ৰা কৰাৰ পূৰ্বে এনে উচ্চ প্ৰটিনযুক্ত খাদ্য পৰাপক্ষত নাখাব।

কাৰ্বনেটেড পানীয়

দ্ৰৱীভূত কাৰ্বন ডাই অক্সাইড গেছযুক্ত কাৰ্বনেটেড পানীয় অৰ্থাৎ বিভিন্ন ব্ৰেণ্ডৰ শীতল পানীয়ও বিমান যাত্ৰাৰ পূৰ্বে খোৱাটো অনুচিত। ইয়াত যথেষ্ট পৰিমাণে চেনীও থাকে। এইসমূহ খোৱাৰ ফলত পেটৰ বহু সমস্যা হ’ব পাৰে।

দুগ্ধজাত খাদ্য

লেক্ট’জযুক্ত খাদ্যয়েও হজম শক্তি নষ্ট কৰে। সেয়েহে বিমানেৰে যাত্ৰা কৰাৰ আগতে গাখীৰ, দৈ বা অন্যান্য দুগ্ধজাত সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত পেটত অসহনীয় বিষ হ’ব পাৰে।

ভজা খাদ্য

অধিকাংশ লোকেই বিমানলৈ অপেক্ষা কৰি থকাৰ সময়ত বিমানবন্দৰত উপলব্ধ বিভিন্ন ভজা-পোৰা সামগ্ৰী খায়। বিশেষকৈ, শিশুৱে এইবোৰ খাবলৈ ভাল পায়। কিন্তু এনেবোৰ খাদ্য আমাৰ স্বাস্থ্যৰ বাবে কিমান হানিকাৰক, তাক দোঁহৰাৰ প্ৰয়োজন নাই। বিমান যাত্ৰাৰ পূৰ্বেও এনে খাদ্য খালে পেট বেয়া হোৱাটো প্ৰায় নিশ্চিত।

তেন্তে খাব কি ?

পানী

যাত্ৰাৰ সময়ত পানী খোৱাটো খুব দৰকাৰী। কিন্তু তৰল খাদ্য বুলি অস্বাস্থ্যকৰ ৰস, শীতল পানীয় খাই বিপদত নপৰিব।

খিচিৰি

যাত্ৰাৰ আগত যদি গধুৰ আহাৰ খাবলৈ মন যায়, তেন্তে আপুনি মচলা নোহোৱাকৈ খিচিৰি খাব পাৰে। আপুনি কিছুমান ফলো খাব পাৰে। কিন্তু কেতিয়াও টেঙাজাতীয় ফল নাখাব। মুঠতে যাত্ৰাৰ পূৰ্বে সদায় সহজে হজম হোৱা খাদ্য খাব।

বি.দ্ৰ: এই তথ্য কাৰ্যকৰী কৰাৰ আগতে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: মুখে নোকোৱা কথা আপোনাৰ নাকে কয়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin