Dailyhunt
খাদ্য তালিকাৰ পৰা বাদ দিয়ক এইবিধ খাদ্য

খাদ্য তালিকাৰ পৰা বাদ দিয়ক এইবিধ খাদ্য

ডিজিটেল ডেস্ক: সকলো বয়সৰ লোকৰ শৰীৰতে দেখা দিবলৈ ধৰা ডায়েবেটিচ ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়া এক গৱেষণা অনুসৰি, বৰ্তমান ভাৰতত প্ৰায় ৭৭ নিযুত লোকে ডায়েবেটিচৰ দৰে ৰোগৰ সৈতে যুঁজি আছে। এই লোকসকলৰ ভিতৰত ১২.১ নিযুত লোকৰ বয়স ৬৫বছৰৰ তলৰ। ডায়েবেটিচ হৈছে এনে এক ৰোগ, যাৰ কোনো নিৰাময় নাই। কিন্তু স্বাস্থ্যকৰ জীৱনশৈলী তথা আহাৰৰ দ্বাৰা আপুনি এই ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। ডায়েবেটিচ ৰোগীসকলৰ প্ৰায়ে প্ৰশ্ন থাকে যে তেওঁলোকে ব্ৰেড খাব পাৰেনে ? ডায়েবেটিচ ৰোগীসকলে প্ৰকৃততে ব্ৰেড খাব পাৰেনে নে নোৱাৰে বা পাৰিলে কেতিয়া পাৰে আৰু নোৱাৰিলে কিয় নোৱাৰো, সেই বিষয়ে আজি জানো আহক-

প্ৰকৃততে ব্ৰেড খোৱা উচিত নে ?

বিশেষজ্ঞসকলৰ মতে ডায়েবেটিচ ৰোগীসকলে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ এক সন্তুলিত আহাৰ গ্ৰহণ কৰিব লাগে। সেয়ে ব্ৰেড খালে এই ৰোগীসকলৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।কিয়নো ব্ৰেডত পৰিশোধিত কাৰ্ব'হাইড্ৰেট অতি উচ্চ পৰিমাণত পোৱা যায়। ই শৰীৰত চৰ্বি আৰু চেনীৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যাৰ ফলত আৰু বহু ৰোগৰ আশংকা বৃদ্ধি হয়।

ডায়েবেটিচ ৰোগীসকলে ব্ৰেড খোৱাৰ ফলত কি হ’ব পাৰে ?

হৃদৰোগৰ বিপদাশংকা বৃদ্ধি

ব্ৰেড খালে ডায়েবেটিচ ৰোগীৰ হৃদৰোগৰ আশংকা বৃদ্ধি হয়। এয়া ইতিমধ্যে গৱেষণাত প্ৰমাণিত হৈছে। ব্ৰেডত পৰিশোধিত কাৰ্বোহাইড্ৰেট পোৱা যায়, যিয়ে হৃদৰোগৰ বিপদাশংকা বৃদ্ধি কৰিব পাৰে।

হজমত সমস্যা

ব্ৰেড তৈয়াৰ কৰিবলৈ ময়দা ব্যৱহাৰ কৰা হয়। যাৰ বাবে ইয়াক হজম কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত ব্ৰেড খালে হজমৰ সমস্যা বৃদ্ধি হ'ব পাৰে।তদুপৰি, কোষ্ঠকাঠিন্য, পেটৰ বিষ আৰু বমিৰ দৰে সমস্যাও ব্ৰেড খোৱাৰ ফলত বৃদ্ধি হ'ব পাৰে।

বৰ্ধিত ৰক্ত শৰ্কৰা

ব্ৰেড প্ৰস্তুত কৰিবলৈ যথেষ্ট প্ৰক্ৰিয়াকৰণ ব্যৱহাৰ কৰা হয়।যাৰ বাবে ব্ৰেড খালে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি হয় আৰু ৰক্ত শৰ্কৰা বৃদ্ধি হোৱাৰ বাবে ডায়েবেটিচ ৰোগীসকলে আন বহুতো স্বাস্থ্য সমস্যাৰ সন্মুখীন হ'ব লগীয়া হ'ব পাৰে।

ওজন বৃদ্ধিৰ কাৰক

ব্ৰেডত যথেষ্ট পৰিমাণে কেলৰি থাকে।যাৰ বাবে ব্ৰেড খালে ওজন বৃদ্ধি হয়। ডায়েবেটিচ ৰোগীৰ ওজন বৃদ্ধি হ'লে চেনীৰ স্তৰ নিয়ন্ত্ৰণ কৰা কঠিন হৈ পৰে। ওজন বৃদ্ধি হোৱাৰ ফলত হৃদৰোগৰ দৰে ৰোগৰ আশংকাও বৃদ্ধি হ'ব পাৰে।

Also Read: গাঠিৰ বিষৰ কথা পাহৰি যাাওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin