Dailyhunt
সাৱধান! এইসকল লোকে পুদিনা নাখাব

সাৱধান! এইসকল লোকে পুদিনা নাখাব

ডিজিটেল ডেস্ক: আমাৰ ঘৰসমূহত ৰোপণ কৰা গছ আৰু উদ্ভিদত এনে বহুতো গুণ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই সকলোবোৰ উদ্ভিদৰ ভিতৰত পুদিনাও অন্যতম। পুদিনা অধিকাংশ লোকৰ ঘৰতে পোৱা যায়। টুথপেষ্ট, ছুইংগাম, মাউথ ফ্ৰেচনাৰ, কেণ্ডি, ইনহেলাৰ আদিত পুদিনা ব্যৱহাৰ কৰা হয়। তদুপৰি, আয়ুৰ্বেদত বহু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো পুদিনা ব্যৱহাৰ হয়। কিন্তু সকলো লোকৰ বাবে পুদিনা উপকাৰী নহয়।

কাৰ বাবে পুদিনা খোৱাটো অনুপযোগী

১. গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স ৰোগত আক্ৰান্ত লোকসকলে পুদিনা খোৱাৰ পৰা দূৰতে থাকিব লাগে। উল্লেখ্য, 'জিইআৰডি' অর্থাৎ গেষ্ট্ৰোইচোফেজিয়েল ৰিফ্লাক্স এবিধ হজম সম্বন্ধীয় ব্যাধি।

২.গৰ্ভধাৰণৰ সময়ত অত্যাধিক পুদিনা বা পুদিনাৰ চাহ খোৱাৰ ফলত গৰ্ভপাত হোৱাৰ আশংকা বহুগুণে বৃদ্ধি হয়।

সেয়েহে মহিলাসকলে গৰ্ভধাৰণৰ সময়ত পুদিনা পৰিহাৰ কৰিব লাগে।

৩. পুদিনা অত্যাধিক খালে আপোনাৰ ডিঙিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৪. বেছিকৈ পুদিনা খোৱাৰ ফলত বৃক্ক আৰু অন্ত্ৰৰো ক্ষতি হয়।

৫. যদি আপুনি বৃক্ক ৰোগী, তেন্তে পুদিনা আপোনাৰ বাবে ভাল নহয়। পুদিনাৰ পৰা দূৰত থকাটোয়েই আপোনাৰ বাবে মংগল।

৬. পুদিনা বেছিকৈ খালে, ই শৰীৰত ৰক্ত শৰ্কৰা কমাই দিব পাৰে।

৭. পুদিনা ৭-৮ বছৰতকৈ কম বয়সৰ শিশুৰ বাবে উপযুক্ত নহয়।

৮. যদি আপুনি যকৃতৰ ৰোগী, তেন্তে ভুলতো পুদিনাৰ পিল বা পুদিনা নাখাব।

৯. যিসকলৰ ছাল সংবেদনশীল, তেওঁলোকৰ বাবেও পুদিনা খোৱাটো অপকাৰী।

উল্লেখ্য যে, পুদিনাৰ বহু ঔষধি গুণ থকাৰ লগতে ই বিভিন্ন খাদ্যত এক সুকীয়া আৰু অনন্য সোৱাদ যোগ দিয়ে। পিছে, আপুনি যদি কিবা গুৰুতৰ শাৰিৰীক সমস্যাত ভূগি আছে, তেন্তে বিশেষজ্ঞৰ পৰামৰ্শৰ অবিহনে পুদিনা গ্ৰহণ নকৰিব।

বি.দ্ৰ: লেখনিৰ তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগৃহীত।

Also Read: ঘৰত মা লক্ষ্মীৰ কেনে ফটো ৰাখিব লাগে জানেনে?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin