Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
'এইজন মোৰ ৰাহুল নহয়'

'এইজন মোৰ ৰাহুল নহয়'

ডিজিটেল ডেস্ক: এখন বিয়াঘৰত অভাৱনীয় পৰিস্থিতি। অনলাইনত আৰম্ভ হোৱা প্ৰেমৰ অন্তত আয়োজন কৰা এখন বিলাসী বিয়াত মুহূৰ্ততে সংঘটিত হয় হিংসাত্মক ঘটনা। ইনষ্টাগ্ৰামত হোৱা চিনাকিৰ পিছত কইনা আৰু দৰাই বিয়াৰ সিদ্ধান্ত লৈছিল যদিও বিয়াৰ ৰভাৰ তলত দৰাক দেখি কইনাই সেইজন তেওঁ অনলাইনত কথা পতা ব্যক্তি নহয় বুলি মন্তব্য কৰে। এই ঘটনাক কেন্দ্ৰ কৰি দুয়ো পৰিয়ালৰ মাজত তীব্ৰ সংঘৰ্ষ সৃষ্টি হয় আৰু আঘাতপ্ৰাপ্ত দৰাক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হয়।

ঘটনাৰ তদন্ত কৰা আৰক্ষীৰ মতে, দৰা আৰু কইনাৰ ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈ নিয়মীয়াকৈ ফোনত কথা-বতৰা পতা আৰম্ভ কৰে আৰু সেই সম্পৰ্ক প্ৰেমলৈ পৰিৱৰ্তন হয়। পৰৱৰ্তী সময়ত দুয়োৰে পৰিয়ালৰ সন্মতিত বিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দৰাৰ ভাষ্যমতে, কইনাৰ পৰিয়ালে বিয়াৰ আলহীসকলৰ বাবে এখন হোটেলত থকাৰ ব্যৱস্থা কৰিছিল। সেই হোটেলতে থাকি ৰাতি পৰম্পৰাগত নিয়মেৰে দৰা পক্ষই কইনাৰ ঘৰত উপস্থিত হয়। কিন্তু কইনাই দৰাক দেখাৰ লগে লগে পৰিস্থিতি বিষম হয়।

পেছাত উকীল কইনাই অভিযোগ কৰে যে বিয়া কৰাবলৈ অহা দৰাজন তেওঁ অনলাইনত চিনাকি হোৱা মানুহজন নহয়। তেওঁ যিজন ব্যক্তিৰ সৈতে যোগাযোগত আছিল, তেওঁ নিজকে 'ৰাহুল' বুলি পৰিচয় দিছিল।

এই অভিযোগৰ পিছতে দুয়ো পৰিয়ালৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় আৰু সেয়া পিছত হিংসাত্মক সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। আৰক্ষীৰ মতে, কইনাৰ পৰিয়ালৰ কেইবাজনো সদস্যই দৰা আৰু দৰাৰ সৈতে কইনাৰ ঘৰলৈ অহা লোকসকলক বহুত বেয়াকৈ প্ৰহাৰ কৰে।

ক'ত সংঘটিত হৈছে এই ঘটনা ?

উল্লেখ্য যে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দৰা দেৱেন্দ্ৰ সিং পৰিহাৰ (২৩) তথা বহুকেইজন দৰাঘৰীয়া সম্প্ৰতি চিকিৎসালয়ত ভৰ্তি হৈ আছে। ঘটনাটো উত্তৰ প্ৰদেশৰ হৰদয় জিলাত সংঘটিত হৈছে। আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৯ জন লোকক সোধা-পোছাৰ বাবে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin