Dailyhunt
এইসকল লোকৰ বাবে বিহ হ'ব পাৰে গাখীৰ-কল

এইসকল লোকৰ বাবে বিহ হ'ব পাৰে গাখীৰ-কল

ডিজিটেল ডেস্ক: গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। বহুলোকে ৰাতিপুৱাৰ আহাৰ হিচাপে গাখীৰৰ সৈতে কল খায়, কিন্তু এই দুটা বস্তু একেলগে খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কলত ভাল পৰিমাণত আইৰণ, ফলেটৰ লগতে এণ্টিঅক্সিডেণ্ট, লুটিন, ভিটামিন-এ আৰু কেৰোটিনইড পোৱা যায়। এই সকলোবোৰ পুষ্টি শৰীৰৰ বাবে খুবেই উপকাৰী। ইফালে, গাখীৰত প্ৰ'টিন, কেলচিয়াম, ৰাইবোফ্লেভিন, ভিটামিন-এ, ডি, ই, ফছফৰাছ, মেগনেছিয়াম, আয়ডিন আৰু বহুতো ভিটামিন থাকে। যাৰ বাবে গাখীৰ আৰু কল একেলগে খালে কিছুমান লোকৰ বহু সমস্যা হ'ব পাৰে।আজি এই বিষয়ে জানো আহক-

আয়ুৰ্বেদৰ মতে, একেলগে কল আৰু গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

ইয়াৰ ফলত পাচন তন্ত্ৰৰ গুৰুতৰ ক্ষতি হয়। এই দুটা বস্তুৰ মিশ্ৰণে শৰীৰত বিহৰ দৰে কাম কৰে। কল আৰু গাখীৰ একেলগে খোৱাৰ ফলত পাকস্থলী আৰু গেছৰ সমস্যা হয়। আনহাতে, যদি আপোনাৰ পেটৰ সমস্যা আছে, একেলগে কল আৰু গাখীৰ নাখাব। ইয়াৰ ফলত গুৰুতৰ হজমৰ সমস্যা হ'ব পাৰে।

চাইনাছৰ সমস্যা থকা লোকসকলে একেলগে গাখীৰ আৰু কল খাব নালাগে। ইয়াৰ ফলত শৰীৰত এলাৰ্জিক আৰু কফৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাহিৰেও, এলাৰ্জিৰ সমস্যা থকা লোকসকলেও গাখীৰ-কল একেলগে নাখাব।

ইফালে, হাপানীৰ দৰে গুৰুতৰ ৰোগত ভুগি থকা লোকসকলেও একেলগে কল আৰু গাখীৰ খাব নালাগে। ইয়াৰ ফলত কাহৰ সমস্যা হ'ব পাৰে আৰু হাপানীয়েও গুৰুতৰ ৰুপ ল'ব পাৰে।

Also Read: কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin