Dailyhunt
এল'ভেৰাই শিশুৰ সঠিক বিকাশত কিদৰে সহায় কৰে জানেনে ?

এল'ভেৰাই শিশুৰ সঠিক বিকাশত কিদৰে সহায় কৰে জানেনে ?

ডিজিটেল ডেস্ক: এল'ভেৰাক ছালৰ ঔষধ বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। ইয়াক ডায়েবেটিচ, কোষ্ঠকাঠিন্য, শালমইনা ৰোধ তথা মুখৰ ছাল কোঁচ খোৱাৰ সমস্যা সমাধানৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। এল'ভেৰা বহু পুষ্টি সমৃদ্ধ। ইয়াৰ ব্যৱহাৰ কেৱল প্ৰাপ্তবয়স্কৰ বাবেই নহয়, শিশুৰ বাবেও অতি লাভজনক। শেহতীয়া এক গৱেষণাত এল'ভেৰাত থকা পুষ্টি শিশুৰ ছালৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে।

এল'ভেৰাত পোৱা পুষ্টি

এল'ভেৰাত ভিটামিন-বি১২, ফলিক এচিড, ক'লিন, খনিজ আৰু ফেটি এচিডৰ দৰে পুষ্টি পোৱা যায়। তদুপৰি ইয়াত কেলচিয়াম, মেগনেছিয়াম, জিংক ক্ৰমিয়াম, চেলেনিয়াম, ছ'ডিয়াম, আইৰণ, পটাছিয়াম তথা আন বহু প্ৰকাৰৰ খনিজ পদাৰ্থও আছে।

সেয়েহে এল’ভেৰা শিশুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

‘ডায়েপাৰ ৰেচ’ আঁতৰ কৰাত সহায়ক

শিশুসকলক বহু সময় ধৰি ডায়েপাৰ পিন্ধাই ৰাখিলে ছালখন ৰঙা পৰি জ্বলা-পোৰা আৰু খজুৱতি হয়। এই সকলোবোৰ সমস্যাৰ পৰা সকাহ পাবলৈ এল’ভেৰা জেল অতি উপকাৰী। ‘ডায়েপাৰ ৰেছ’ৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি দিনত কমেও দুবাৰ এল’ভেৰা জেলৰ সৈতে শিশুৰ ছাল মালিচ কৰিব পাৰে।

চুলিৰ স্বাস্থ্য উন্নত হয়

শিশুৰ মূৰ আৰু মূৰৰ ছাল এল’ভেৰা জেলৰে মালিচ কৰিলে চুলি স্বাস্থ্যৱান হয়।তদুপৰি, যদি শিশুৰ মূৰৰ ছালত খজুৱতি, ৰঙা পৰা বা চুলি সৰাৰ সমস্যা হয়, আপুনি সপ্তাহত দুবাৰকৈ এল’ভেৰা মূৰত প্ৰয়োগ কৰি এই সমস্যাৰ পৰা সমাধান লাভ কৰিব পাৰে।

‘হাইড্ৰেটেড’ কৰি ৰাখেছাল

গৱেষণা অনুসৰি, এল’ভেৰা জেলৰ সৈতে শিশুৰ মালিচ কৰিলে তেওঁলোকৰ ছাল ‘হাইড্ৰেটেড’ হৈ থাকে। দৈনিক তেল মালিচৰ ফলত শিশুৰ ছাল ক'লা পৰিবলৈ ধৰে। এনে পৰিস্থিতিত এল’ভেৰা জেল তেওঁলোকৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু যদি আপোনাৰ সন্তান ৬ মাহতকৈ কম বয়সৰ হয়, তেন্তে এল’ভেৰা জেল ব্যৱহাৰ নকৰিব।

শক্তিশালী হয়ৰোগ প্ৰতিৰোধ ক্ষমতা

এল’ভেৰাত বহুতো পুষ্টি থাকে, যিয়ে শিশুৰ ৰোগ প্ৰতিৰোধ শক্তি শক্তিশালী কৰাত সহায় কৰে।

হজমৰ সমস্যা সমাধানত সহায়ক

শিশুসকলৰ কোষ্ঠকাঠিন্য, পেটৰ বিষ আৰু গেছৰ দৰে হজম সম্পৰ্কীয় সমস্যা থাকে। এনে পৰিস্থিতিত আপুনি তেওঁলোকক এল’ভেৰাৰ ৰস খাবলৈ বাধ্য কৰিব পাৰে। ইয়াত পোৱা পুষ্টিবোৰে পাচন তন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে। এল’ভেৰাৰ ৰস খোৱাটোৱে শিশুটোৰ আন বহুতো সমস্যাৰ পৰা সকাহ দিয়ে।

এই কথাবোৰো মনত ৰাখিব

সৰু ল'ৰা-ছোৱালীৰ ছালৰ বাবে এল’ভেৰাৰ ৰস অতি উপকাৰী, কিন্তু শিশুসকলক কি বয়সত এল’ভেৰাৰ ৰস দিয়া উচিত, এতিয়ালৈকে কোনো গৱেষণাত এইটো প্ৰকাশ কৰা হোৱা নাই।সেয়েহে, যদি আপুনি এবছৰৰ তলৰ শিশুক এল’ভেৰা ৰস খুৱাই আছে, তেন্তে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ লওঁক। ইয়াৰ বাহিৰেও, শিশুটোক সতেজ এল’ভেৰা ৰস দিব। বজাৰত উপলব্ধ এল’ভেৰাৰ ৰস শিশুটোৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

Also Read: শিশুৰ এইকেইটা ৰোগক কেতিয়াও অৱহেলা নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin