Dailyhunt
গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য, সময় উলিয়াই দৌৰক

গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য, সময় উলিয়াই দৌৰক

ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে হতাশাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতৰ প্ৰায় ১৪ শতাংশ লোক হতাশাত আক্ৰান্ত। ই হৈছে এনে এক ৰোগ, যিয়ে মনক প্ৰভাৱিত কৰে। যাৰ ফলত ভুক্তভোগীয়ে দুখ, ভাগৰ আৰু উদ্বেগত জীয়াই থাকিবলৈ আৰম্ভ কৰে। বহুসময়ত অত্যাধিক চাপৰ বাবে ব্যক্তিজনৰ মনত আত্মহত্যাৰ চিন্তা আহিবলৈ আৰম্ভ কৰে। এনে সময়তে শেহতীয়া এক গৱেষণাত প্ৰমাণ হৈছে এক আচৰিত তথ্য। হয়, এই গৱেষণাত প্ৰমাণ হৈছে যে ঔষধ খোৱাতকৈ নিয়মীয়াকৈ দৌৰাৰ ফলত হতাশাৰ লক্ষণ যথেষ্ট পৰিমাণে হ্ৰাস হয়।

কি তথ্য আছে গৱেষণাত ?

এই গৱেষণাত হতাশাত ভুগি থকা ১৪১ জন ৰোগীক অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াত ৰোগীসকলক এণ্টিডিপ্ৰেচেণ্ট ঔষধ গ্ৰহণ আৰু দৌৰাৰ মাজত যিকোনো এটা বাছনি কৰিবলৈ কোৱা হৈছিল।

১৪১ জন হতাশাত আক্ৰান্ত লোকৰ ভিতৰত ৪৫ জনে এণ্টিডিপ্ৰেচেণ্ট ঔষধ সেৱন কৰিছিল। আনহাতে বাকী ৯৬ জনে দৌৰিবলৈ আৰম্ভ কৰিছিল।এই গৱেষণাটো ৬ অক্টোবৰত ইউৰোপিয়ান কলেজ অফ নিউৰোচাইকো ফাৰ্মাকোলজীয়ে উপস্থাপন কৰিছিল।

এই দুয়োটা গোটৰ মুঠ ৪৪ শতাংশ লোকে হতাশাৰ পৰা সকাহ পোৱাৰ কথা স্বীকাৰ কৰিছিল। কিন্তু দৌৰা লোকসকলে নিজকে শাৰীৰিকভাৱে সুস্থ বুলিও বৰ্ণনা কৰিছিল। যিসকলে দৌৰিছিল তেওঁলোকৰ হতাশাৰ লক্ষণ কম হোৱাৰ লগতে ওজন, কঁকালৰ চৰ্বি আৰু উচ্চ ৰক্তচাপ হ্ৰাস হোৱাৰ বিপৰীতে হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা উন্নত হৈছিল। ইয়াৰ বিপৰীতে যিসকলে এণ্টিডিপ্ৰেচেণ্ট ঔষধ গ্ৰহণ কৰিছিল, তেওঁলোকে এনে একো অনুভৱ কৰা নাছিল।গৱেষকে লগতে প্ৰকাশ কৰা মতে, মানসিক স্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত এনে শাৰীৰিক সমস্যাবোৰ গুৰুত্ব সহকাৰে সমাধান কৰা উচিত। এই ভিত্তিত ক'ব পাৰি যে যি গোটে দৌৰিবলৈ বাছনি কৰিছিল, তেওঁলোকৰ যথেষ্ট লাভ হৈছিল।

আনহাতে, ইয়াৰ পূৰ্বৰ বহু অধ্যয়নে এইটোও প্ৰমাণ কৰিছে যে হতাশা আৰু উদ্বেগৰ দৰে লক্ষণবোৰ উপশম কৰাৰ ক্ষেত্ৰত এণ্টিডিপ্ৰেচেণ্ট ঔষধতকৈ ব্যায়াম অধিক কাৰ্যকৰী। বিশ্ব স্বাস্থ্য সংস্থাই মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে ব্যায়ামক ঔষধতকৈও ভাল বুলি বিবেচনা কৰিছিল।

Also Read: ডেংগুৰ লক্ষণ জানি লৈ অভিভাৱকসকল অৱলম্বন কৰক এইসমূহ সাৱধানতা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin