Dailyhunt
হাঁহি থাকোতেই জাল্লাদক নিলে 'যমৰাজ'য়ে

হাঁহি থাকোতেই জাল্লাদক নিলে 'যমৰাজ'য়ে

ডিজিটেল ডেস্ক: এৰা ! জন্ম, মৃত্যু আৰু বিবাহ কাৰ, কেতিয়া কিদৰে হয়, তাৰ হিচাপ কেৱল ইশ্বৰৰ হাততহে থাকে। নহ'লেনো হাঁহি-ফুৰ্তিৰে নাচি থকোতেই কাৰোৱাৰ মৃত্যু হ'ব পাৰেনে। শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'য়ে সকলোকে এই বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে।

প্ৰকৃততে, এই ভাইৰেল ভিডিঅ'ত দেখা গৈছে যে এজন ব্যক্তিয়ে এখন ই-ৰিক্সাৰ ওপৰত উঠি নাচি আছিল। নাচি থাকোতেই তেওঁ হঠাৎ ভাৰসাম্য হেৰুৱাই তললৈ খহি পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে। প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে, এই ব্যক্তিজনে ইনষ্টাগ্ৰামৰ বাবে ৰীল বনাবলৈ ই-ৰিক্সাৰ ওপৰত উঠি নাছি আছিল।

এই ঘটনাটো উত্তৰ প্ৰদেশৰ গাজীপুৰৰ ফাঁচীবজাৰত সংঘটিত হৈছে।

দুৰ্ভগীয়া লোকজনৰ নাম চন্দ্ৰশেখৰ। তেওঁ মৰণোত্তৰ পৰীক্ষা গৃহৰ আউটচ’ৰ্চিং কৰ্মচাৰী। স্থানীয় লোকসকলৰ মাজত তেওঁ জাল্লাদ বুলি পৰিচিত।

আনহাতে, ছ'চিয়েল মেডিয়াত এই মৃত্যুৰ ভিডিঅ' দেখি বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। একাংশৰ মতে, এই মৃত্যু সঁচাকৈয়ে দুখজনক। আন একাংশৰ মতে, চন্দ্ৰশেখৰৰ নিজৰ ভুলৰ বাবেই এই শোকৱহ ঘটনাটো সংঘটিত হ'ল। ইফালে, অধিকাংশ লোকেই ব্যক্তিজনৰ অনাকাংক্ষিত মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

Also Read: কিদৰে তৈয়াৰ কৰিব পাৰি Studio Ghibli শৈলীৰ ফটো, জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin