Dailyhunt
কি বিশেষ গুণ আছে এইগৰাকী চাফাইকৰ্মীৰ ?

কি বিশেষ গুণ আছে এইগৰাকী চাফাইকৰ্মীৰ ?

ডিজিটেল ডেস্কঃ 'প্ৰেমে নামানে কোনো বাধা। প্ৰেমে জানে মাথো প্ৰেমৰ ঠিকনা।' আজি আপোনালোকক জনাবলৈ লোৱা প্ৰেম কাহিনীয়েও যেন এই কথাক পুনৰ বাৰ প্ৰমাণ কৰিলে। হয়, বাধাৰ সকলো শিকলি ভাঙি প্ৰেমৰ এক নতুন নিদৰ্শন ডাঙি ধৰিলে এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে। যুৱতীগৰাকী এগৰাকী চিকিৎসক। তেওঁ প্ৰেমত পৰিল একেখন হাস্পতালত কৰ্মৰত এজন চাফাই কৰ্মীৰ।

শেহতীয়াকৈ এই বিশেষ দম্পতিৰ প্ৰেম কাহিনী যথেষ্ট ভাইৰেল হৈছে। প্ৰকৃততে, ডাঃ কিশ্বৰ চাহিবাই তেওঁৰ চিকিৎসালয়তে কাম কৰা শ্বাহজাদ নামৰ চাফাই কৰ্মীজনৰ প্ৰেমত পৰে। শ্বাহজাদে নিজৰ কামবোৰ অতি সৰলতা আৰু নিষ্ঠাৰে কৰিছিল, যিটো দেখি চিকিৎসকগৰাকী খুব আকৰ্ষিত হৈছিল। যাৰ বাবে তেওঁ নিজেই চাফাই কৰ্মীজনক প্ৰেমৰ প্ৰস্তাৱ দিয়ে।

তেওঁলোকৰ প্ৰেম সন্দৰ্ভত কিশ্বৰে কয়, ‘প্ৰথম অৱস্থাত শ্বাহজাদে মোৰ প্ৰস্তাৱ শুনি থতমত খাই পলাবলৈ চেষ্টা কৰিছিল। তেওঁ ভাবিছিল যে তেওঁক ঠাট্টা কৰা হৈছে। অৱশ্যে, পিছলৈ তেওঁ কিশ্বৰৰ প্ৰেমত বিশ্বাস কৰিছিল আৰু তাৰ পিছত দুয়ো আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল।

ইপিনে, বিয়াৰ পিছত হাস্পতালত কৰ্মৰত আন লোকসকলে শ্বাহজাদৰ কামক লৈ দুয়োকে ইমানেই ঠাট্টা-মস্কৰা কৰিছিল যে দুয়োয়ে সেই হাস্পতালৰ চাকৰি এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া শ্বাহজাদে ঔষধৰ দোকানৰ ব্যৱসায় কৰে আৰু কিশ্বৰ এখন চিকিৎসালয়ত কৰ্মৰত। কিশ্বৰ আৰু শ্বাহজাদ পাকিস্তানৰ।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin