Dailyhunt
খাওঁতে সাৱধান হওঁক, অৱহেলাই মাতিব পাৰে ভয়ংকৰ বিপদ

খাওঁতে সাৱধান হওঁক, অৱহেলাই মাতিব পাৰে ভয়ংকৰ বিপদ

ডিজিটেল ডেস্ক: আমাৰ জীৱনশৈলীত এনে কিছুমান অভ্যাস আছে, যিয়ে আমাক ডায়েবেটিচৰ দৰে ৰোগত ভোগায়। যদি আপুনি ডায়েবেটিচৰ পৰা নিজকে বচাই ৰাখিবলৈ বিচাৰে, তেন্তে কিছুমান অভ্যাস আপোনাৰ জীৱনশৈলীৰ পৰা বাদ দিব লাগিব। প্ৰকৃততে, আপুনি কৰা ভুলৰ ফলতেই ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়। আজি এই বিষয়ে জানো আহক-

প্ৰতিদিনে দৈ খোৱা

দৈক আমাৰ স্বাস্থ্যকৰ আহাৰৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গণ্য কৰা হয়। ইয়াত থকা পুষ্টিবোৰে শৰীৰক বিভিন্ন ধৰণে লাভান্বিত কৰে। কিন্তু আয়ুৰ্বেদৰ মতে, দৈনিক দৈ খোৱাৰ ফলত ওজন বৃদ্ধি আৰু বিপাক ক্ৰিয়া দুৰ্বল হয়। যাৰ ফলত ডায়েবেটিচৰ আশংকা বহুগুণে বৃদ্ধি হয়।

ৰাতি অত্যধিক খোৱা

ৰাতিৰ আহাৰ সদায় কমকৈ খাব লাগে, যাতে ইয়াক সহজে হজম কৰিব পাৰি।

কিন্তু কিছুমান লোকে ৰাতি গধুৰ আহাৰ খায়। ৰাতি বেছিকৈ খোৱাৰ ফলত যকৃত বেয়াকৈ প্ৰভাৱিত হয়। ফলত বিপাক ক্ৰিয়া হ্ৰাস হয় আৰু বহু ৰোগৰ আশংকা বৃদ্ধি হয়।

ভোক নালাগিলেও খোৱা

আপুনি কেৱল ভোক লাগিলেহে খোৱা উচিত। যদি আপোনাৰ ভোক নাই আৰু তথাপিও আপুনি খাই আছে, তেনেহ'লে ইয়াৰ অৰ্থ হৈছে যে আপুনি নিজে ৰোগক আমন্ত্ৰণ জনাইছে। এই অভ্যাসে আপোনাক কেৱল ডায়েবেটিচৰ ভুক্তভোগী নকৰে, কিন্তু আন বহুতো ৰোগৰ আশংকাও বৃদ্ধি কৰিব।

অতিমাত্ৰা খোৱা

আয়ুৰ্বেদৰ মতে, যদি আপোনাৰ দুটা ৰুটিৰ বাবে ভোক লাগে, তেন্তে মাত্ৰ এটা ৰুটি খাব। কিয়নো অত্যধিক খোৱাৰ ফলত আপোনাৰ বহুতো ৰোগ হ'ব পাৰে। আপোনাৰ ভোকতকৈ অধিক খাদ্য খালে কলেষ্টেৰল, হজমৰ সমস্যা আৰু মেদবহুলতা হ'ব পাৰে।

Also Read: সঠিক সময়ত খালে শৰীৰক পুষ্টি দিয়ে গাখীৰ চাহে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin