Dailyhunt
নিলাজী বনৰ ঔষধি শক্তিৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি

নিলাজী বনৰ ঔষধি শক্তিৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি

খণ্ড- ২

ডিজিটেল ডেস্ক: নিলাজী বন, দেখাত সৰু আৰু একেবাৰে সাধাৰণ যেন লাগে এইবিধ উদ্ভিদ। স্পৰ্শ কৰিলেই নিলাজী বনৰ পাতবোৰ নিজে নিজেই জাঁপ খায় যায়। সেয়ে বহুতে এই উদ্ভিদক লাজুকী বন বা লাজুকী লতা বুলিও কয়। নিলাজী বনৰ বৈজ্ঞানিক নাম মিমোছা পুডিকা। দেখাত সাধাৰণ যেন লগা এই নিলাজী বনক আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন ৰোগ নিবাৰক বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়। আজি নিলাজী বনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-

ডায়েবেটিছত উপকাৰী

যদি আপুনি ডায়েবেটিছ ৰোগী, তেতিয়া নিলাজী বন বা লাজুকী লতা ব্যৱহাৰ কৰিব পাৰে। বহুতো গৱেষণাত প্ৰমাণ হোৱা মতে, লাজুকী লতা ডায়েবেটিচ ৰোগীসকলৰ বাবে আশীৰ্বাদতকৈ কোনোগুণে কম নহয়। নিলাজী বনৰ পাত আৰু শিপাৰ গুৰি খাই ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি।

লিভাৰৰ ঔষধ

নিলাজী বনৰ পাতৰ ৰস লিভাৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ পাতৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

দূৰ কৰে বদহজমৰ সমস্যা

খোৱাত ইফাল-সিফাল হ’লে বহুতৰে বদহজম বা পেট ফুলাৰ সমস্যা হয়। এই সমস্যা দূৰ কৰিবৰ বাবে নিলাজী পাতৰ ৰস ৫-১০ মিলিলিটাৰ খালেই হয়। এইদৰে খালে পিত্ত সম্পৰ্কীয় ৰোগৰ ফলত হোৱা জ্বৰ, জণ্ডিচ আদি ৰোগবোৰৰ পৰা উপশম পোৱা যায়।

নিৰাময় কৰে কেঁচুমুৰীয়া

কেঁচুমুৰীয়া বা অৰ্শ ৰোগৰ সমস্যাত নিলাজী বন আপোনাৰ বাবে উপকাৰী হ’ব পাৰে। আয়ুৰ্বেদৰ মতে এই উদ্ভিদত এষ্ট্ৰিংজেণ্ট ৰস থাকে। যিয়ে তেজ ওলোৱা স্তূপত ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰি কেঁচুমুৰীয়াৰ লক্ষণ হ্ৰাস কৰে।

বাতবিষৰ আয়ুৰ্বেদিক ঔষধ

লাজুকী বনত থকা প্ৰদাহ নিবাৰণকাৰী আৰু বিষনাশক গুণৰ বাবে ই বাতবিষৰ ফলত হোৱা বিষ আৰু ফুলাৰ পৰা সকাহ দিয়ে।

তদুপৰি,

  • নিলজী বনৰ ৰস পিছি লগালে চাইনাছৰ বিষৰ পৰা উপশম পাব পাৰি।
  • নিলাজী বনে যিকোনো ধৰণৰ ঘাঁ নিৰাময় কৰিব পাৰে।
  • ডায়েৰিয়াত ভোগাসকলৰ বাবেও সহায়ক এইবিধ উদ্ভিদ।
  • হাঁপানী বা কাহৰ লগত জড়িত স্বাস্থ্য সমস্যাত লাজুকী বন খুব উপকাৰী।
  • যকৃতৰ সমস্যাতো লাজুকী বন ব্যৱহাৰ কৰাটো উপকাৰী।

আনহাতে, বাস্তু শাস্ত্ৰৰ মতে ঘৰত নিলাজী বন ৰোপণ কৰিলে নেতিবাচক শক্তি আঁতৰ হয় আৰু লগতে ঘৰত সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি হয়। নিলাজী বন ঘৰত থাকিলে শনি দেৱো সন্তুষ্ট হয় আৰু লগতে বাস্তুৰ দোষো নাইকিয়া হয়। আচলতে, শনিদেৱ নিলাজী বনৰ প্ৰতি অতি আকৰ্ষিত বুলি বিশ্বাস কৰা হয়।

Also Read: আধুনিক খাদ্যাভ্যাস বনাম প্ৰাকৃতিক বনৌষধ : উপকাৰী কোনটো ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin