Dailyhunt
শিশুৰ মগজু শক্তিশালী কৰিবলৈ খুৱাওঁক এই ১০ বিধ খাদ্য

শিশুৰ মগজু শক্তিশালী কৰিবলৈ খুৱাওঁক এই ১০ বিধ খাদ্য

ডিজিটেল ডেস্ক: সুস্বাস্থ্যৰ গৰাকী হ'বলৈ ভাল খাদ্য খোৱাটো খুবেই জৰুৰী। শৰীৰটোক কাম কৰিবলৈ যিদৰে শক্তিৰ প্ৰয়োজন, একেদৰে মগজুকো কাম কৰিবলৈ শক্তিৰ প্ৰয়োজন। এজন ব্যক্তিয়ে শৰীৰটো স্বাস্থ্যৱান কৰি ৰখাৰ বাবে বহু কিবা-কিবি কৰে। কিন্তু মানসিক স্বাস্থ্যক অধিকাংশ লোকেই আওঁকান কৰে। মূলতে শিশুসকলে তেওঁলোকৰ বেছিভাগ কামৰ বাবে পিতৃ-মাতৃক ভৰষা কৰে।সেয়েহে, অভিভাৱকসকলে শিশুৰ মন-মগজু বিকাশৰ বাবে খাদ্যৰ উচিত যত্ন লোৱাটো অত্যন্ত দৰকাৰী। শিশুটোৰ মগজু তীক্ষ্ণ কৰিবলৈ তেওঁলোকক কি খাদ্য খুৱাব লাগে, আজি জানো আহক-

কণী

কণীত কোলিন নামৰ এবিধ উপাদান থাকে, যাক শিশুৰ মানসিক বিকাশৰ বাবে অত্যন্ত ভাল বুলি গণ্য কৰা হয়। তদুপৰি, কণীত প্ৰ'টিন, ভিটামিন-ডি, ভিটামিন-বি আৰু বহুতো পুষ্টি থাকে।

যদি আপুনি শিশুসকলক প্ৰতিটো কাৰ্যকলাপত আগবাঢ়ি থকাটো বিচাৰে, তেন্তে তেওঁলোকক প্ৰতিদিনে কণী খাবলৈ দিব।

সেউজীয়া শাক পাচলি

সেউজীয়া শাক- পাচলিত লেটুচ পোৱা যায়, যি শিশুসকলৰ মগজু তীক্ষ্ণ কৰাত সহায় কৰে। লেটুছত ফোলেট, ফ্লেভোনইড, কেৰোটিনইড, ভিটামিন-ই আদি উপাদানো থাকে। এই উপাদানসমূহে শিশুৰ মগজুৰ বিকাশত সহায় কৰে।

বাদাম-বীজ

বাদাম আৰু ফলৰ শুকান বীজ(ছীডছ), এই দুয়োটায়ে হৈছে মনোআনচেচুৰেটেড চৰ্বি আৰু অ'মেগা-৩ সমৃদ্ধ ছুপাৰফুড। ই মস্তিষ্কৰ বিকাশৰ বাবে অত্যন্ত প্ৰয়োজনীয় খাদ্য। তদুপৰি,শিশুৰ আহাৰত আপুনি পিস্তা অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত লুটিন নামৰ এক ফাইটোকেমিকেল থাকে, যিয়ে শিশুৰ মগজু তীক্ষ্ণ কৰাত সহায় কৰে।

দৈ

দৈ আয়'ডিনৰ এক ভাল উৎস। তদুপৰি, ইয়াক মস্তিষ্কৰ বিকাশৰ বাবে এক অত্যাৱশ্যকীয় পুষ্টি বুলিও গণ্য কৰা হয়। দৈত প্ৰ'টিন, জিংক, ভিটামিন-বি ১২, চেলেনিয়াম, কেলচিয়াম আদি উপাদান থাকে, যাক শিশুৰ মগজুৰ বিকাশৰ বাবে অত্যাৱশ্যকীয় বুলি গণ্য কৰা হয়।

আভাকাডো

আভাকাডোত যথেষ্ট পৰিমাণৰ চৰ্বি থাকে। ইয়াক মনোআনচেচুৰেটেড চৰ্বিৰ এক অতি ভাল উৎস বুলিও গণ্য কৰা হয়। ই মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। আভাকাডো আঁহ, ভিটামিন তথা আন বহু উপাদানৰো অতি ভাল উৎস। সেয়েহে, আপুনি ইয়াক শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।

মাহজাতীয় শস্য-বীন

বিশেষজ্ঞসকলৰ মতে, মাহজাতীয় শস্য আৰু বীনক মেগনেছিয়াম, জিংক, আঁহ, এণ্টিঅক্সিডেণ্ট আৰু ফলেটৰ দৰে উপাদানেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। ই শিশুৰ মনোভাৱ আৰু মগজুৰ স্বাস্থ্য বৃদ্ধি কৰাত সহায় কৰে।

ওটমিল

ওটমিলে মগজুক শক্তি যোগান ধৰাত যথেষ্ট সহায় কৰে। তদুপৰি, ইয়াত যথেষ্ট পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে মনোযোগ বৃদ্ধি কৰা তথা মগজু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

ডাৰ্ক চকলেট

ইয়াত এণ্টিঅক্সিডেণ্ট আৰু কিছু পৰিমাণৰ কেফেইন থাকে, যিয়ে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে। সেয়েহে আপুনি শিশুৰ খাদ্য তালিকাত ডাৰ্ক চকলেট অন্তৰ্ভূক্ত কৰিব পাৰে।

ছেলমন মাছ

ইয়াত অ'মেগা ৩ ফেটি এচিড থাকে, যিয়ে মগজুৰ কাৰ্যপ্ৰণালী উন্নত কৰে। তদুপৰি, ছেলমন মাছক ডি.এইচ.এ.-ৰ এক অতি ভাল উৎস বুলি গণ্য কৰা হয়। ডি.এইচ.এ. হৈছে অ'মেগা-৩ৰ এক উৎস, যাক মস্তিষ্কৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয় বুলি গণ্য কৰা হয়।

বেৰী

ব্লুবেৰী, ষ্ট্ৰবেৰী আৰু আন বহুতো বেৰী এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। ই মগজুৰ কোষবোৰ সুৰক্ষিত কৰাত আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

Also Read: সন্তানৰ সুস্বাস্থ্যৰ বাবে অভিভাৱকসকল সচেতন হওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin