Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
সৰুৰে পৰাই শিশুটিক এইদৰে খোৱাৰ অভ্যাস কৰাওক

সৰুৰে পৰাই শিশুটিক এইদৰে খোৱাৰ অভ্যাস কৰাওক

ডিজিটেল ডেস্ক: অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু দুৰ্বল জীৱনশৈলীৰ বাবে আমাৰ শৰীৰত ক্ৰমান্বয়ে বহু ৰোগৰ আশংকা বৃদ্ধি পাইছে।বয়সীয়াল সকলৰ কথাটো বাদেই, খুব কম বয়সতে শিশুসকলে এতিয়া হৃদৰোগ আৰু কিডনীৰ দৰে মাৰাত্মক ৰোগত ভুগীবলগীয়া হৈছে।সেয়েহে পিতৃ-মাতৃসকলে শিশুটোৰ সুস্থ ভৱিষ্যতৰ কথা চিন্তা কৰি সৰুতেই কিছুমান অভ্যাস কৰাব লাগে।এটি শিশুৰ কিডনী স্বাস্থ্যৱান ৰাখিবলৈ অভিভাৱক হিচাপে আপুনি কি অভ্যাস তেওঁলোকৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভূক্ত কৰিব, আজি সেই বিষয়ে জানো আহক-

প্ৰতিদিনে ব্যায়াম কৰিবলৈ দিব

সুস্থ শৰীৰৰ বাবে ব্যায়ামৰ প্ৰয়োজনীয়তাৰ বিষয়ে হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। সেয়েহে সৰুৰে পৰাই আপোনাৰ সন্তানক দৈনিক ব্যায়াম কৰাৰ অভ্যাস কৰাব।ব্যায়ামৰ দ্বাৰা শাৰীৰিক সক্ৰিয়তাৰ লগতে শিশুসকল সম্পূৰ্ণ স্বাস্থ্যৱান হৈ থাকিব।নিয়মীয়াকৈ ব্যায়াম কৰিলে শিশুৰ হাড়, পেশী, হৃদযন্ত্ৰ আৰু কিডনী স্বাস্থ্যৱান হৈ থাকে।তদুপৰি, প্ৰতিদিনে আপুনি নিজে শিশুটোৰ সৈতে খোজ কাঢ়িবলৈ যাব পাৰে।

ওজন নিয়ন্ত্ৰণত ৰাখিব

শিশুৱে অতি উচ্চ কেলৰিযুক্ত খাদ্য খায়, যাৰ ফলত তেওঁলোকৰ বহুতো গুৰুতৰ স্বাস্থ্য সমস্যা আৰম্ভ হয়।এনে খাদ্য খালে শিশু মেদবহুলতাৰো চিকাৰ হয়। মেদবহুলতাই এটি শিশুৰ ডায়েবেটিচ, কিডনী ৰোগ, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়েহে সদায় তেওঁলোকৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক।

অত্যাধিক পানী খোৱাৰ অভ্যাস কৰাব

বজাৰত উপলব্ধ বিভিন্ন পানীয়ৰ সলনি শিশুসকলক সদায় পানী বেছিকৈ খাবলৈ দিব। কিডনী ভালে ৰাখিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী।পানীয়ে কিডনীত থকা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰে। ইয়াৰ বাহিৰেও, গ্ৰীষ্মকালত শৰীৰক ‘ডিহাইড্ৰেচন’ৰ পৰা সুৰক্ষিত কৰিবলৈ আপুনি তেওঁলোকক নিয়মীয়া পানী খোৱাৰ অভ্যাস কৰাব।

কম মিঠা খুৱাওক

সৰুৰে পৰা শিশুক কম মিঠা খাদ্য খোৱাৰ অভ্যাস কৰা উচিত। অত্যাধিক চেনী খোৱাৰ ফলত শিশুৰ ডায়েবেটিচৰ আশংকা বৃদ্ধি হয়।চেনী বেছিকৈ খালে শিশুৰ কিডনীকো প্ৰভাৱিত কৰে। গৱেষণা অনুসৰি, প্ৰাপ্তবয়স্ক লোকৰ কিডনী বিকল হোৱাৰ মুখ্য কাৰণ হৈছে ডায়েবেটিচ।সেয়েহে সৰু-ডাঙৰ সকলোয়ে মিঠা কমকৈয়ে খাব লাগে।

কম নিমখ খুৱাওক

স্বাস্থ্যৱান শৰীৰৰ বাবে নিমখ অত্যাৱশ্যকীয়। কিন্তু অধিক নিমখ খালে স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। অধিক নিমখ সেৱনে শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি কৰে। শৰীৰত অধিক পানী জমা হোৱাৰ ফলত ৰক্তচাপৰ স্তৰ বৃদ্ধি হয়। বৰ্ধিত ৰক্তচাপৰ ফলত শিশু এটিৰ কিডনীত প্ৰভাৱ পেলাব পাৰে। সেয়েহে আপুনি শিশুটিক নিমখ কমকৈ খাবলৈ দিব লাগে যাতে তেওঁলোকৰ কিডনী আৰম্ভণিৰে পৰা স্বাস্থ্যৱান হৈ থাকে।

Also Read: স্বাস্থ্যৰ উপকাৰ হোৱাকৈ পাণ কিদৰে, কেতিয়া খাব লাগে জানেনে?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin