Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
টকা খৰচ কৰিবলৈ আৰু পাৰ্লাৰলৈ যাব নালাগে

টকা খৰচ কৰিবলৈ আৰু পাৰ্লাৰলৈ যাব নালাগে

ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাই তেওঁৰ চুলি শক্তিশালী, দীঘল, ডাঠ আৰু চিকচিকীয়া হোৱাটো বিচাৰে। কিন্তু বেয়া জীৱনশৈলী, শৰীৰত পুষ্টিৰ অভাৱ, প্ৰদূষণ, ৰাসায়নিক পদাৰ্থৰে ভৰপুৰ সামগ্ৰী ব্যৱহাৰৰ বাবে মহিলাসকলৰ চুলি সৰা, উফি, শুকান আৰু ফ্ৰীজী চুলিৰ সমস্যাই দেখা দিয়ে। এইসমস্যাসমূহৰ লগতে বহু মহিলাৰে চুলিৰ বিকাশ বন্ধ হৈ দীঘল নোহোৱা হৈ পৰে।এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ মহিলাসকলে ব্যয়বহুল চেম্পু, তেল, হেয়াৰ মাস্ক আদি ব্যৱহাৰ কৰে যদিও ইয়াত ৰাসায়নিক পদাৰ্থ থকা বাবে চুলিৰ উপকাৰৰ সলনি অপকাৰহে হোৱা দেখা যায়। এনে পৰিস্থিতিত, কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি মহিলাসকলে খুব সোনকালে চুলি গজাব পাৰে।আজি এই বিষয়ে জানো আহক-

আমলখি

চুলিৰ বিকাশৰ বাবে আমলখিক অত্যন্ত লাভজনক বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন-চি, আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে। সেয়েহে, আপুনি চুলিত আমলখি ব্যৱহাৰ কৰি চুলিৰ বিকাশ সঠিক ৰূপে কৰিব পাৰে। ইয়াৰ বাবে আপুনি ১-২ চামুচ আমলখি পাউদাৰ ১ চামুচ নাৰিকল তেলত দি অলপ গৰম কৰিব। এই তেলখিনি ঠাণ্ডা হোৱাৰ পাছত আপুনি চুলিত প্ৰয়োগ কৰি লাহে লাহে অলপ মালিচ কৰিব। ৩-৪ ঘণ্টাৰ পাছত চুলিখিনি ভালদৰে ধুই পেলাব।

জেতুকা আৰু কণী

এই দুয়োটাৰে মিশ্ৰণ ব্যৱহাৰ কৰিলে চুলি খুব সোনকালে বৃদ্ধি হ'ব। চুলি গজাৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন কণীত পোৱা যায়। আনহাতে, জেতুকায়ে চুলিক প্ৰাকৃতিক ৰং দিয়া তথা বিকাশত সহায় কৰে। ইয়াৰ বাবে আপুনি ২ চাহ চামুচ জেতুকা পাউদাৰৰ লগত এটা কণী ভালদৰে মিহলি কৰি ল'ব। এতিয়া এই পেষ্টটো চুলিত প্ৰয়োগ কৰি আধা ঘণ্টাৰ পাছত চুলিখিনি পৰিস্কাৰ পানীৰে ধুই পেলাব।

ভৃংগৰাজ তেল

ভৃংগৰাজ তেল চুলিৰ বাবে অত্যন্ত উপকাৰী। বহু শতাব্দী ধৰি ইয়াক চুলিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আৰু চুলিৰ বিকাশৰ বাবে ব্যৱহাৰ কৰি অহা হৈছে। চুলিৰ উচিত বিকাশৰ বাবে আপুনি চুলিত উচ্চ মানদণ্ডৰ তথা প্ৰাকৃতিক ভৃংগৰাজ তেল প্ৰয়োগ কৰিব। ইয়াক সপ্তাহত ২-৩ বাৰ প্ৰয়োগ কৰিব।

এল'ভেৰা

এল'ভেৰাই মূৰৰ ছালখন ময়শ্চাৰাইজ কৰি ৰখাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিলে মূৰৰ ছাল উদ্দীপিত হয় আৰু ৰক্ত সঞ্চালনও বৃদ্ধি হয়। এল'ভেৰা প্ৰয়োগ কৰিলে চুলিৰ ফলিকলবোৰ শক্তিশালী হয় আৰু সেইবোৰক পুষ্টি প্ৰদান কৰে। ইয়াৰ বাবে আপুনি ২-৩ চামুচ এল'ভেৰা জেলৰ সৈতে ১ চামুচ নাৰিকল তেল মিহলাই ল'ব আৰু ৪-৫ ঘণ্টা মূৰত লগাই থৈ তাৰ পাছত ধুই পেলাব।

নৰসিংহ পাত আৰু মেথি গুটি

এই দুয়োটাই চুলিক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰে। ই এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণাগুণেৰে সমৃদ্ধ। যিয়ে চুলিৰ ফলিকলবোৰক পুষ্টি প্ৰদান কৰাৰ লগতে দীঘল হোৱাত সহায় কৰে। ইয়াৰ বাবে আপুনি সৰিয়হ তেলত নৰসিংহ পাত ভালদৰে উতলাই ল'ব। এতিয়া তেলখিনিত আগদিনা ৰাতি তিয়াই থোৱা মেথি গুটিখিনি পিছি লৈ মিহলি কৰিব আৰু মূৰৰ ছালত ভালদৰে লগাব। ৪-৫ ঘণ্টাৰ পাছত চুলিখনি চাফা পানীৰে ভালদৰে ধুই পেলাব।

Also Read: মাত্ৰ চাৰিটা উপায়ৰে তেলেতীয়া চুলিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin