Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
যিকোনো বয়সত, যিকোনো সময়ত শিশুক ফলৰ ৰস খাবলৈ নিদিব

যিকোনো বয়সত, যিকোনো সময়ত শিশুক ফলৰ ৰস খাবলৈ নিদিব

ডিজিটেল ডেস্ক: পুষ্টিসমৃদ্ধ পাচলি তথা ফল খোৱাটো প্ৰাপ্তবয়স্কৰ বাবেই নহয়, শিশুসকলৰ বাবেও অতি উপকাৰী। ইয়াত থকা উপাদানবোৰে শিশুটোৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনত সহায় কৰে।চিকিৎসকৰ মতে তিনি বছৰৰ পিছত শিশুৰ খাদ্যত পাচলি অন্তৰ্ভূক্ত কৰিব পাৰি। ইয়াৰ বিপৰীতে কিন্তু আপুনি কম বয়সতে শিশুক ফল খোৱাৰ অভ্যাস কৰিব পাৰে। যদি আপোনাৰ শিশুটোৱে ফল নাখায়, আপুনি তেওঁলোকক ফলৰ ৰস দিব পাৰে। ফলৰ ৰস শিশুৰ বাবে অতি উপকাৰী। কিন্তু কেতিয়াৰ পৰা, কি পৰিমাণত শিশুটোক ফলৰ ৰস দিয়া আৰম্ভ কৰিব, সেই বিষয়ে আজি জানি লওঁক-

এই বয়সত শিশুক ফলৰ ৰস দিয়ক

এক গৱেষণা অনুসৰি এক বছৰ বয়স নোহোৱালৈ শিশুক ফলৰ ৰস নিদিব। কিয়নো এক বছৰতকৈ কম বয়সৰ শিশুক ফলৰ ৰসৰ খুৱাই একো লাভ নাই।

কিয়নো ইয়াত প্ৰাকৃতিক চেনী থাকে।এক বছৰ বয়সৰ পিছত আপুনি তেওঁলোকক ফলৰ ৰস দিব পাৰে। ই শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ উন্নত কৰিব। বিশেষজ্ঞসকলৰ মতে, এক বছৰৰ পিছত আপুনি শিশুটোক দিনে ৬০ ৰ পৰা ১২০মি.লি ফলৰ ৰস দিব পাৰে।

শিশুক কি ৰস দিব পাৰি ?

আপুনি শিশুটোক আপেল, কমলা, আঙুৰ, গাজৰ আদিৰ ৰস খুৱাব পাৰে। এই ফলবোৰত ভিটামিন-চি আৰু আঁহ পোৱা যায়, যিয়ে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।

এই খনিতে প্ৰশ্ন হয় যে ফলৰ ৰস খাই শিশুটোৰ স্বাস্থ্যৰ কি লাভ হ'ব ? ফলৰ ৰস খোৱাৰ ফলত শিশুটোৰ প্ৰকৃততে কি কি লাভ হয়, সেয়া তলত উল্লেখ কৰা হৈছে-

বৃদ্ধি হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

ফলৰ ৰস খালে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিলে আপোনাৰ শিশুটো বেক্টেৰিয়া অথবা যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ নিৰোগী হ'ব।

শক্তিশালী হয় শৰীৰ

যিকোনো ফলৰ ৰস খোৱাটোৱে শিশু এটাক শৰীৰক শক্তি প্ৰদান কৰে। যাৰ ফলত শিশুটো সোনকালে ভাগৰি নপৰে।

হজম ভাল হয়

ফলৰ ৰসত ভিটামিন চি থাকে। সেয়েহে ইয়াক সেৱন কৰাৰ ফলত শিশুৰ পাচন তন্ত্ৰ শক্তিশালী হয়।

হ্ৰাস হয় শৰীৰৰ প্ৰদাহ

ফলৰ ৰসত এণ্টিঅক্সিডেণ্ট অতি ভাল মাত্ৰাত পোৱা যায়। ইয়াক সেৱন কৰিলে শিশুৰ শৰীৰৰ প্ৰদাহ হ্ৰাস হয়।

Also Read: এই সমূহ খাদ্য খাই জীৱনটো উপভোগ কৰক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin