Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য

ব্যায়াম কৰাৰ আগতে ভুলতো নাখাব এই খাদ্য

ডিজিটেল ডেস্ক: কেতিয়াবা এনে হয় যে আমি নিজকে সুস্থ ৰাখিবলৈ ব্যায়াম, খোৱা-বোৱা সকলো কৰো, কিন্তু তাৰ পাছতো বিচৰা ধৰণে ফল নাপাওঁ। ক'ত কি খেলে-মেলি হৈছে, আমি বিচাৰি উলিয়াব নোৱাৰো। আপোনাৰ যদি এনে অৱস্থা হৈছে আপুনি ব্যায়াম কৰাৰ আগত খোৱা সামগ্ৰীৰ প্ৰতি সচেতন হওঁক। হয়, ব্যায়াম কৰাৰ আগত আপুনি নাখাব লগীয়া খাদ্য খালে ফলাফল বিচৰা ধৰণৰে নোপোৱাতো একেবাৰে স্বাভাৱিক। ব্যায়াম কৰাৰ আগতে আমি কি খাদ্য খাব নালাগে, আজি সেই বিষয়ে জানো আহক-

দুগ্ধজাত সামগ্ৰী

ব্যায়াম কৰাৰ আগতে দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ বা লাচ্চী, সুস্বাদু মিঠাই আদি কেতিয়াও নাখাব। এনে খাদ্যই শৰীৰত কেলচিয়াম যোগানত সহায় কৰে যদিও ব্যায়াম কৰাৰ আগতে সেয়া খালে আপোনাক অলস কৰি তুলিব পাৰে।

সেয়েহে, জিমলৈ যোৱা বা ঘৰতে ব্যায়াম কৰাৰ আগতে দুগ্ধজাত সামগ্ৰী গ্ৰহণ নকৰিব।

চালাড

চালাডত থকা পাচলি আৰু ফলবোৰ আঁহৰ এক ভাল উৎস। ইয়াৰ ব্যৱহাৰে হজম হ্ৰাস কৰে। যাৰ ফলত গেছ বা ফুলা সমস্যা হ'ব পাৰে। যিটোৱে ব্যায়ামৰ আগতে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ভজা খাদ্য

ভজা খাদ্যত অতিৰিক্ত চৰ্বি থকাৰ বাবে হজম কৰা কঠিন। এই খাদ্য হজম কৰিবলৈ পাচন তন্ত্ৰক অধিক শক্তিৰ প্ৰয়োজন। ইয়াৰ ফলত ব্যায়ামৰ সময়ত শক্তিৰ অভাৱ হয়। এনে পৰিস্থিতিত ব্যায়াম কৰাৰ আগতে ভজা অথবা মচলাযুক্ত খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব।

ছ’ডা

জিমলৈ যোৱাৰ আগতে কেতিয়াও ছ’ডা সেৱন নকৰিব। ছ’ডা সেৱনৰ ফলত আপোনাৰ শৰীৰত পেটৰ সমস্যা হ'ব পাৰে, কিয়নো ছ’ডাই গেছ প্ৰস্তুত কৰে।যাৰ বাবে আপুনি ব্যায়াম কৰোঁতে পেটৰ বিষ হ'ব পাৰে।

Also Read: হাজাৰটা ৰোগৰ কাৰক ‘এনাৰ্জী ড্ৰিংক’

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin