Dailyhunt
Calcium Rich Foods: কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ বাবে খাওঁক এই খাদ্য

Calcium Rich Foods: কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ বাবে খাওঁক এই খাদ্য

ডিজিটেল ডেস্ক: কেলচিয়াম আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেলচিয়ামে হাড় আৰু দাঁত শক্তিশালী কৰাৰ লগতে স্নায়ু, তেজ, পেশী আৰু হৃদযন্ত্ৰৰ দুৰ্বলতা আঁতৰ কৰাতো সহায় কৰে। আমাৰ শৰীৰৰ হাড় আৰু দাঁতত ৯৯ শতাংশ কেলচিয়াম থাকে আৰু ১ শতাংশ কেলচিয়াম তেজ আৰু পেশীত থাকে। সেয়েহে, যদি আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয়, তেন্তে আপুনি বহু ৰোগৰ সন্মুখীন হ'ব পাৰে।

কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ কি কি খাদ্য আমাৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে, আজি জানো আহক-

গাখীৰ, দৈ, চীজ

কেলচিয়ামৰ অভাৱ পূৰণ কৰিবলৈ খাদ্যত গাখীৰ, দৈ আৰু চীজ অন্তৰ্ভুক্ত কৰিব। আপুনি গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰ কৰা বিভিন্ন খাদ্যবস্তুও খাব পাৰে।

ছয়াবিন

ছয়াবিনত পোৱা পুষ্টিয়ে হাড়ৰ ৰোগ নিৰাময়ত সহায় কৰে। হাড় শক্তিশালী কৰিবলৈ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ছয়াবিন অতি উত্তম খাদ্য।

তিল

১ চাহ চামুচ তিলত ৮৮ মিগ্ৰা কেলচিয়াম থাকে। সেয়েহে, শৰীৰত কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ আপুনি খাদ্যত তিল অন্তৰ্ভূক্ত ব্যৱহাৰ কৰিব।

কাঠবাদাম

কাঠবাদামতো যথেষ্ট পৰিমানে কেলচিয়াম পোৱা যায়। সেয়েহে দৈনিক কাঠবাদাম খাইও আপুনি শৰীৰত কেলচিয়ামৰ অভাৱ পূৰণ কৰিব পাৰে।

সেউজীয়া পাচলি

সেউজীয়া পাচলিবোৰ ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। বিশেষকৈ বীন আৰু ব্ৰকলীত যথেষ্ট পৰিমাণৰ কেলচিয়াম আৰু প্ৰ'টিন থাকে।

ব্ৰকলী

ব্ৰকলীত কেলচিয়াম আৰু ভিটামিনকে ধৰি বহুতো পুষ্টি আৰু খনিজ থাকে। ইয়াক কেলচিয়ামৰ অভাৱ পূৰণ কৰাৰ বাবে আপোনাৰ আহাৰৰ অংশ কৰিব ল’ব পাৰে।

আমলখি

আমলখিৰ বহুতো এণ্টিঅক্সিডেণ্ট গুণ আছে, যিয়ে আমাৰ শৰীৰটোক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। আমলখি খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয়। আপুনি আমলখি ৰস অথবা পাউডাৰৰ ৰূপত খাব পাৰে।

কমলা

দৈনিক যদি ২ টা কমলা খাব। আপোনাৰ শৰীৰত কেতিয়াও কেলচিয়ামৰ অভাৱ নহয়।

Also Read:

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin