Dailyhunt
যুৱ প্ৰজন্মৰ পছন্দৰ অধিকাংশ খাদ্যই প্ৰকৃততে অখাদ্য

যুৱ প্ৰজন্মৰ পছন্দৰ অধিকাংশ খাদ্যই প্ৰকৃততে অখাদ্য

ডিজিটেল ডেস্ক: যদি আপোনাৰ খাদ্যত অধিক চৰ্বি আৰু চেনি থাকে, তেন্তে আপোনাৰ স্মৃতিশক্তি দুৰ্বল হোৱাটো প্ৰায় নিশ্চিত। এয়া আমি কোৱা কথা নহয়। গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ ড০ ডমিনিক ট্ৰানে কৰা গৱেষণাত এই তথ্য লাভ কৰা হৈছে।

আজিকালি ডিমেনচিয়া বা স্মৃতিশক্তি হেৰুওৱাৰ দৰে ৰোগ দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগৰ স্নায়ুজনিত কাৰণ আছে যদিও অধিক চৰ্বি আৰু চেনিযুক্ত খাদ্য খালেও স্মৃতিশক্তি দুৰ্বল হয়। বিজ্ঞানীসকলৰ মতে, উচ্চ চৰ্বি আৰু চেনিযুক্ত খাদ্যই ওজন আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, আমাৰ মগজুতো নেতিবাচক প্ৰভাৱ পেলায়। বিশেষকৈ মগজুৰ সেই অংশটোত, যিটো স্মৃতিশক্তিৰ সৈতে জড়িত।

অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ ডাঃ ডমিনিক ট্ৰেনে কৰা এই গৱেষণাত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছিল। এই সময়ছোৱাত তেওঁলোকৰ বডি মাছ ইনডেক্স (BMI)ও ৰেকৰ্ড কৰা হৈছিল।

কম চৰ্বি, চেনিযুক্ত খাদ্য খোৱাসকলৰ শক্তিশালী হয় স্মৃতিশক্তি

উচ্চ চৰ্বি আৰু উচ্চ চেনিযুক্ত খাদ্যই হিপ’কেম্পছৰ ক্ষতি কৰিব পাৰে। আন এটা কথা মন কৰিবলগীয়া যে হিপ’কেম্পছ সেই একেটা অংশ যিটো এলঝেইমাৰৰ দৰে ৰোগত প্ৰথমে আক্ৰান্ত হয়। যদি ইয়াৰ ক্ষতি হয় তেন্তে স্মৃতিশক্তি দুৰ্বল হৈ পৰে। চেনি আৰু চৰ্বি বেছি থকা খাদ্যইও মগজুৰ এই অংশত প্ৰভাৱ পেলাব পাৰে।

ডাঃ ট্ৰানে কয় যে এতিয়ালৈকে আমি জানিছিলোঁ যে অধিক চৰ্বি আৰু চেনি খালে মেদবহুলতা, হৃদযন্ত্ৰৰ সমস্যা আৰু কিছুমান কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু এতিয়া এইটোও স্পষ্ট হৈ পৰিছে যে ই মগজুৰ স্বাস্থ্যও সোনকালে নষ্ট কৰিব পাৰে আৰু সেয়াও কম বয়সতে, যেতিয়া সাধাৰণতে মগজু সম্পূৰ্ণ ফিট হৈ থাকে।

বৃদ্ধি হয় ডিমেনচিয়াৰ আশংকা

ডাঃ ট্ৰানৰ মতে আমি যদি সময়মতে আমাৰ খাদ্যাভ্যাস সলনি কৰো তেন্তে হিপ’কেম্পছৰ স্বাস্থ্য উন্নত কৰা সম্ভৱ। অৰ্থাৎ এতিয়াৰ পৰা যদি আপুনি স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি আপোনাৰ স্মৃতিশক্তি আৰু চিন্তা শক্তি বহু পৰিমাণে ৰাহি কৰিব পাৰিব।

ডিমেনচিয়াৰ প্ৰাৰম্ভিক লক্ষণ

মনোযোগ দিয়াত অসুবিধা।

দৈনন্দিন সৰু সৰু কামবোৰত বিভ্ৰান্তি।

কথাবোৰ মনত ৰখাত অসুবিধা।

কথা পাতি থাকোঁতে শব্দ পাহৰি যোৱা।

সময় আৰু স্থানৰ বিষয়ে বিভ্ৰান্তি।

হঠাতে মেজাজ সলনি হোৱা।

Also Read: গুৰুতৰ ৰোগৰ কাৰণ হ'ব পাৰে সকলোৰে প্ৰিয় আম

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin